নিউজ ডেস্ক,১৫ জানুৱাৰী :ভাৰতৰ পিছত এইবাৰ চুবুৰীয়া দেশ নেপালৰ চৰকাৰেও "কোভিশ্বিল্ড" প্ৰতিষেধক প্ৰদানৰ বাবে অনুমতি প্ৰদান কৰিছে । ভাৰতত প্ৰস্তুত হোৱা "কোভিশ্বিল্ড" জৰুৰীকালীন প্ৰয়োগৰ বাবে শুকুৰবাৰে অনুমতি দিলে নেপাল চৰকাৰে ।
নেপালৰ ডিপাৰ্টমেন্ট অব ড্ৰাগছ এডমিনিষ্ট্ৰেচন (ডিডিএ)ৰ দ্বাৰা প্ৰতিষেধক প্ৰদানৰ ঘোষণা কৰা হয় । ডিডিএয়ে শুকুৰবাৰে এক জাননী যোগে এই প্ৰতিষেধক প্ৰদানৰ কথা ঘোষণা কৰে ।