নেশ্যনেল ডেস্ক, 28 মাৰ্চ : North-Eastern Hill University (NEHU)ৰ এগৰাকী গৱেষক ছাত্ৰই সাজি উলিয়াইছে এক থাৰ্মেল গান ৷ ইয়াৰ জৰিয়তে বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰা লোকসকলৰ স্ক্ৰীনিং কৰিব পৰা যাব বুলি শনিবাৰে প্ৰকাশ কৰে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৷
এই যন্ত্ৰৰ জৰিয়তে দেহৰ উষ্ণতা জুখিবলৈ সক্ষম হোৱাৰ লগতে কোনো লোকৰ দেহত কৰ'ণা ভাইৰাছ সংক্ৰমণ হৈছে নি সেই সম্পৰ্কত পূৰ্বানুমান লগাব পৰা যাব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷