অসম

assam

By

Published : Jun 15, 2020, 8:37 PM IST

ETV Bharat / bharat

অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ শ্ৰৱণ আৰু দৃষ্টি শক্তিত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিবঃ শশী থাৰুৰ

কেৰেলাৰ তিৰুবন্তমপুৰমৰ সাংসদ শশী থাৰুৰ আৰু তামিলনাডুৰ ৰাজ্যসভাৰ সাংসদ ভাইকোই প্ৰতিক্ৰিয়া ব্যক্ত কৰি জনাই যে, অনলাইন পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক আৰু শাৰিৰীক দিশত প্ৰভাৱ পেলাব । স্বাস্থ বিশেষজ্ঞৰ লোকে জনোৱা অনুসৰি, অনলাইন ক্লাছৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে চকুৰ সমস্যাত ভুগিব । লগতে হেডফোন লৈ ক্লাছ কৰাৰ বাবে তেওঁলোকে শ্ৰৱণ শক্তিত প্ৰভাৱ পৰিব ।

Negative Effects Of Online Education
Negative Effects Of Online Education

নিউজ ডেস্ক, ১৫ জুন : কোভিড-১৯ ৰ সংহাৰী ৰূপৰ বাবে দেশৰ সকলো শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ আছে । প্ৰায় সমূহ শিক্ষানুষ্ঠানে অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাদান কৰি থকাৰ সন্দৰ্ভত কংগ্ৰেছ নেতা তথা কেৰেলাৰ তিৰুবন্তমপুৰমৰ সাংসদ শশী থাৰুৰ আৰু তামিলনাডুৰ ৰাজ্যসভাৰ সাংসদ ভাইকোই প্ৰতিক্ৰীয়া ব্যক্ত কৰি জনাই যে, অনলাইন পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক আৰু শাৰিৰীক দিশত প্ৰভাৱ পেলাব ।

যদিও বহুতো অভিভাৱকে অভিযোগ কৰিছে যে, লক্ ডাউনৰ সময়ত বহুতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মাছুল দিয়াৰ বাবে হেঁচা প্ৰদান কৰাৰ পিছত বহুতো অভিভাৱকে নিজৰ সন্তানক অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষা লাভ কৰাৰ পোষকতা কৰিছে । কিন্তু এই অনলাইন পাঠ্যক্ৰমৰ বাবে কৰ্ণাটককে আদি কৰি বহুবোৰ ৰাজ্যই বিৰোধ কৰিছে ।

অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ শ্ৰৱণ আৰু দৃষ্টি শক্তিত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিবঃ শশী থাৰুৰ

সাংসদ ভাইকোৰ মতে, অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ শ্ৰৱণ আৰু দৃষ্টি শক্তিত প্ৰভাৱ বিস্তাৰ কৰে ।

স্বাস্থ্য বিশেষজ্ঞই জনোৱা অনুসৰি, অনলাইন ক্লাছৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে চকুৰ সমস্যাত ভুগিব । লগতে হেডফোন লৈ ক্লাছ কৰাৰ বাবে তেওঁলোকে শ্ৰৱণ শক্তিত প্ৰভাৱ পৰিব । তেওঁ আকৌ জনায় যে, বৰ্তমানেও গ্ৰাম্যঞ্চলত বহুতৰো কম্পিউটাৰ, লেপটপ বা ইন্টাৰনেটৰ সুবিধা নাই বাবে অনলাইন ক্লাছৰ জৰিয়তে উপকৃত হ'ব পৰা নাই ।

NSSO সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, গ্ৰাম্যঞ্চলত কেৱল ৪.৪ শতাংশ আৰু চহৰ অঞ্চলত মাত্ৰ ২৩.৪ শতাংশ লোকৰ ঘৰত কম্পিউটাৰ উপলব্ধ । একেদৰে, গ্ৰাম্যঞ্চলত ১৪.৯ শতাংশ আৰু চহৰ অঞ্চলত ৪২ শতাংশ লোকৰ ঘৰত ইন্টাৰনেট উপলব্ধ হয় । আনকি ৫৬ শতাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ হাতত স্মাৰ্টফোন নাই । যাৰবাবে সাংসদ গৰাকীয়ে উক্ত বিষয় সন্দৰ্ভত মানৱ বিকাশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিছে ।

আনহাতে, সাসংদ গৰাকীয়ে আকৌ জনোৱা অনুসৰি, অনলাইন ক্লাছ কৰিব নোৱাৰি কেৰেলাত এগৰাকী ছাত্ৰই আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল । গতিকে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগে ।

লগতে এই অনলাইন ক্লাছ সন্দৰ্ভত দিল্লীৰ শিক্ষা বিশেষজ্ঞ অনুপম সিংৰ মতে অনলাইন শিক্ষা শ্ৰেণী কোঠাৰ শিক্ষাৰ সমান ফলপ্ৰসু হ'ব নোৱাৰে । তেওঁৰ মতে, যদিও অনলাইন শিক্ষা বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কিছু প্ৰযোজ্য কিন্তু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰযোজ্য নহয় ।

লগতে পঢ়ক : হতাশাৰ বাবে সুশান্ত সিং ৰাজপুতে লোৱা নাছিল চিকিৎসকে দিয়া ঔষধ

ABOUT THE AUTHOR

...view details