অসম

assam

By

Published : Aug 14, 2020, 2:55 PM IST

ETV Bharat / bharat

কন্যাশ্ৰী যোজনাৰ দ্বাৰা 67 লাখ ছোৱালী উপকৃত হৈছেঃ মমতা বেনাৰ্জী

কন্যাশ্ৰী হৈছে এক চৰ্ত সাপেক্ষ নগদ ধন হস্তান্তৰ যোজনা ৷ ইয়াৰ উদ্দেশ্য হৈছে 18 বৰ্ষলৈকে কিশোৰী সকলক শিক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰা আৰু তেওঁলোক প্ৰাপ্ত বয়স্ক নোহোৱালৈকে বিয়া দিব নোৱাৰাটো সুনিশ্চিত কৰা ৷

Nearly 67 lakh girls empowered by Kanyashree scheme: Mamata
কন্যাশ্ৰী যোজনাৰ দ্বাৰা 67 লাখ ছোৱালী উপকৃত হৈছেঃ মমতা বেনাৰ্জী

নিউজ ডেস্ক, 14 আগষ্ট: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে কয় যে,পশ্চিমবংগৰ চৰকাৰৰ কন্যাশ্ৰী যোজনাৰ দ্বাৰা প্ৰায় 67 লাখ ছোৱালীক ক্ষমতাশালী ৰূপত গঢ় দিয়া হৈছে ৷

সপ্তম কন্যাশ্ৰী দিৱসত মমতা বেনাৰ্জীয়ে ছোৱালী সকলক ৰাষ্ট্ৰৰ সম্পত্তি বুলি উল্লেখ কৰাৰ লগতে ছোৱালীসকলে সকলোকে গৌৰৱান্বিত কৰে বুলি কয় ৷

টুইট যোগে মমতা বেনাৰ্জীয়ে কয় যে, "আজি #KanyashreeDibas ৷ 2013ত আৰম্ভ কৰা এই কন্যাশ্ৰী যোজনাই @UN প্ৰথম পুৰস্কাৰ জিকিবলৈ সক্ষম হয় ৷ প্ৰায় 67 লাখ ছোৱালীক এই ব্যতিক্ৰমী আঁচনিৰ দ্বাৰা ক্ষমতাশালী বনোৱা হৈছে ৷ ছোৱালীসকল আমাৰ দেশৰ সম্পত্তি আৰু তেঁওলোকক লৈ আমি গৰ্ব কৰো ৷ "

উল্লেখ্য যে,কন্যাশ্ৰী হৈছে এক চৰ্ত সাপেক্ষ নগদ ধন হস্তান্তৰ যোজনা ৷ ইয়াৰ উদ্দেশ্য হৈছে 18 বৰ্ষলৈকে কিশোৰীসকলক শিক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰা আৰু তেওঁলোক প্ৰাপ্ত বয়স্ক নোহোৱালৈকে বিয়া দিব নোৱাৰাটো সুনিশ্চিত কৰা ৷

লগতে পঢ়ক : কৃষকসকলে কেতিয়ালৈ আনন্দোৎসৱ পালন কৰিব পাৰিব ?

ABOUT THE AUTHOR

...view details