অসম

assam

ETV Bharat / bharat

তাবলিগী জামাতৰ সৈতে জড়িত ২২,০০০ ব্যক্তিক কোৱাৰেণটাইন !

তাবলিগী জামাতৰ সৈতে জড়িত ২২,০০০ ব্যক্তিক আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা । শনিবাৰে এই কথা সদৰী কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।

By

Published : Apr 4, 2020, 11:33 PM IST

Updated : Apr 4, 2020, 11:47 PM IST

তাবলিগী জামাত
তাবলিগী জামাতত অংশগ্ৰহণ কৰা ২২০০০ ব্যক্তিক ৰখা হৈছে আছুতীয়া কক্ষত

নিউজ ডেস্ক, 4 এপ্ৰিলঃ শনিবাৰে গৃহ মন্ত্ৰণালয়ৰ এজন বিষয়াৰ মন্তব্য অনুসৰি বৰ্তমান পৰ্যন্ত প্ৰায় ২২,০০০ ব্যক্তিক তাবলিগী জমাতত অংশ গ্ৰহণ কৰা তথা তেওঁলোকৰ সংস্পৰ্শত অহা লোকক কোৱাৰেনটাইনত ৰখা হৈছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিষয়া পুন্য শলিলা শ্ৰীবাস্তৱে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, কেন্দ্ৰীয় চৰকাৰে জমাতত অংশ গ্ৰহণ কৰা সদস্য আৰু তেওঁলোকৰ সংস্পৰ্শত অহা ব্যক্তি সকলৰ অনুসন্ধান চলাই আছে । গৃহ মন্ত্ৰণালয়ে ২৪ ঘণ্টাই লক ডাউন সম্বন্ধীয় সকলো ঘটনাৰ ওপৰত নজৰ ৰাখিছে । লগতে কয় National Disaster Response Force (NDRF) আৰু Central Armed Police Forcesৰো প্ৰায় ২০০ কৰ্মী অন্তৰ্ভুক্ত কৰা হৈছে ।

১৪ এপ্ৰিলত অন্ত পৰিব লগীয়া দেশজুৰি চলা লক ডাউন, কৰ'ণা ভাইৰাছ ৰোধৰ ক্ষেত্ৰত এক সঠিক সিদ্ধান্ত আছিল ।

আনহাতে, কেন্দ্ৰয়ী গৃহ সচিব অজয় ভল্লাই ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত অঞ্চল সমূহত লক ডাউনৰ সময়ত যাতে কোনো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে আইন ভংগ নহয় তাৰ বাবে নজৰ ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় ।

Last Updated : Apr 4, 2020, 11:47 PM IST

ABOUT THE AUTHOR

...view details