নেশ্বনেল ডেক্স, 25 ফেব্ৰুৱাৰীঃউত্তৰ-পূৱ দিল্লীত কা বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিততযোৱা 24 ঘন্টাত আৰক্ষীৰে সংঘৰ্ষত নিহতৰ সংখ্যা18 জনলৈ বৃদ্ধি পাইছে ৷ দিল্লী আৰক্ষীয়ে জনাইছে যে, উত্তৰ-পূৱ দিল্লীৰ পৰা গাজিয়াবাদ অভিমূখী সকলো পথ ছীল কৰি দিয়া হৈছে ৷ জিলা দণ্ডাধীশ অজয় কুমাৰ পাণ্ডেয়ে কয়-‘উত্তৰ-পূৱ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে এই অঞ্চলটো সম্পূৰ্ণৰূপে ছীল কৰি দিয়াৰ লগতে চুবুৰীয়া অঞ্চলসমূহতো সুৰাৰ বিপণীসমূহ বন্ধ কৰি দিয়া হৈছে ৷ সম্প্ৰতি উত্তৰ-পূৱ দিল্লীৰ হিংসাত্মক ঘটনা গাজিয়াবাদ অঞ্চলৰ সীমান্তবৰ্তী এলেকালৈ বিয়পিব পৰা নাই ৷’
দিল্লীৰ এই হিংসাত্মক পৰিস্থিতিৰ বাবে উত্তৰ-পূৱ দিল্লী এলেকাৰ বিদ্যালয় সমূহত চলি থকা পৰীক্ষাসমূহ বাতিল কৰা হৈছে ৷ এতিয়ালৈকে দিল্লীৰ হিংসাত্মক ঘটনাত 150 জনৰো অধিক লোক আহত হৈছে ৷ উত্তৰ-পূৱ দিল্লীত হিংসাত্মক পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত 4000 আৰক্ষী জোৱান মোতায়ন কৰা হৈছে যদিও সন্ধিয়াৰ ভাগৰ পৰা পৰিস্থিতিৰ অধিক জটিল হৈ পৰিছে ৷