অসম

assam

ETV Bharat / bharat

গুজৰাটৰ ৰাজপথত ঘৰিয়ালৰ জলকেলিঃচাওক VIDEO - বানত উটি অহা

দেশৰ প্ৰায়বোৰ ৰাজ্যত বান বিভীষিকা। দিশহাৰা বন্যজন্তু ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ঢাপলি জীৱ-জন্তুৰ। খাদ্যৰ সন্ধানত ঢপলিয়াই ফুৰিছে বন্য জীৱ-জন্তুৱে। শেহতীয়াকৈ গুজৰাটত হোৱা বানপানীৰ ফলত ৰাজ্যখনৰ বদোডৰাৰ আৱাসিক অঞ্চললৈ ওলাই আহিছে বহুকেইটা ঘৰিয়াল ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী চমুকৈ এনডিআৰএফে চহৰখনৰ পৰা উদ্ধাৰ কৰে এটি ঘৰিয়াল ৷

সৌজন্যঃ ANI

By

Published : Aug 4, 2019, 2:11 PM IST

নিউজ ডেস্ক, 4 আগষ্টঃ বানত ককবকাইছে লাখ লাখ জনতাই। অসম, বিহাৰ, মহাৰাষ্ট্ৰৰ পিচতে এইবাৰ গুজৰাটত বানে লৈছে ভয়ংকৰ ৰূপ ৷ দিশহাৰা হৈ পৰিছে বন্যজন্তু ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ঢাপলি মেলিছে জীৱ-জন্তুৱে ৷শেহতীয়াকৈ গুজৰাটত হোৱা বানপানীৰ ফলত ৰাজ্যখনৰ বদোডৰাৰ আৱাসিক অঞ্চললৈ ওলাই আহিছে বহুকেইটা ঘৰিয়াল ৷

মানুহৰ ঘৰত ঘৰিয়ালঃ চাঁওক এই দৃশ্যাংশ

চহৰখনৰ এক ব্যস্ত আৱাসিক এলেকাত বানত উটি অহা এটি ঘৰিয়ালে সৃষ্টি কৰে ত্ৰাসৰ ৷ ইয়াকে লৈ স্থানীয় জনসাধাৰণৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি থকা এনডিআৰএফ বাহিনীৰ তৎপৰতাত সুকলমে উদ্ধাৰ কৰা হয় ঘৰিয়ালটো ৷

ABOUT THE AUTHOR

...view details