অসম

assam

ETV Bharat / bharat

নিৰুদ্দিষ্ট শিক্ষকক বিচাৰি কামেং নদীত অভিযান এন.ডি.আৰ.এফৰ - অৰুনাচল প্ৰদেশৰ কামেং নদী

অৰুনাচল প্ৰদেশৰ কামেং নদীত মাছ মৰিবলৈ গৈ সন্ধানহীন হয় দুজন লোক ৷ দুয়োজন পূৱ কামেং জিলাৰ চেপাৰ ৱাটাৰলেণ্ড ৰেছিদেন্টেল বিদ্যালয়ৰ শিক্ষক ৷ কামেং নদীত বিগত ১৫দিন ধৰি চলি আছে এন.ডি.আৰ.এফৰ অভিযান ৷ ইতিমধ্যে অটোম ৰত্নাৰ নামৰ শিক্ষকগৰাকীৰ মৃতদেহ উদ্ধাৰ ৷

ndrf-rescue-operation-in-kameng-river-arunachal-pradesh
নিৰুদ্দিষ্ট শিক্ষকক বিচাৰি কামেং নদীত অভিযান এন.ডি.আৰ.এফৰ

By

Published : May 9, 2020, 12:00 PM IST

তেজপুৰ, ৯ মে'ঃঅৰুনাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ চেপাৰ কামেং নদীত সন্ধান দুজন শিক্ষক ৷ দুয়োজন পূৱ কামেং জিলাৰ চেপাৰ ৱাটাৰলেণ্ড ৰেছিদেন্টেল বিদ্যালয়ৰ শিক্ষক ৷ কামেং নদীত মাছ মৰিবলৈ গৈ সন্ধানহীন হয় শিক্ষক দুগৰাকী ৷

কামেং নদীত এন.ডি.আৰ.এফৰ অভিযান
এন.ডি.আৰ.এফৰ অভিযান
কামেং নদীত অভিযান এন.ডি.আৰ.এফৰ
এন.ডি.আৰ.এফৰ বাহিনীৰ অভিযান
আনন্দ তপো (৩৫) আৰু অটোম ৰত্না (৩২) নামৰ শিক্ষক দুগৰাকী মিজোৰামৰ বাসিন্দা ৷ ইতিমধ্যে তেঁওলোকক বিচাৰি বিগত ১৫দিন ধৰি চলি আছে এন ডি আৰ এফ বাহিনীৰ অভিযান ৷ জানিব পৰা মতে, এপ্ৰিল মাহৰ ২৪ তাৰিখে কামেং নদীত নমাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈছিল দুয়োগৰাকী শিক্ষক ৷ ইতিমধ্যে এন ডি আৰ এফ বাহিনীৰ অভিযান যোগে অটোম ৰত্নাৰ নামৰ শিক্ষকগৰাকীৰ মৃতদেহ উদ্ধাৰ ৷ কিন্তু এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই ৩৫ বছৰীয়া আনন্দ তপো নামৰ শিক্ষকগৰাকীৰ ৷
কামেং নদীত অভিযান এন.ডি.আৰ.এফৰ
এন.ডি.আৰ.এফ বাহিনী
এন.ডি.আৰ.এফৰ অভিযান
ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ বিভাগৰ দলে শনিবাৰেও শিক্ষকগৰাকীক বিচাৰি অৰুনাচলৰ পৰ্বতীয়া নদীত অভিযান অব্যাহত ৰাখিছে ৷ ইতিমধ্যে এন.ডি.আৰ.এফ বাহিনীয়ে জনোৱা মতে, খৰ শ্ৰোতা নদী কামেঙৰ সোঁতৰ কৱলত বহুবাৰ বিঘ্নিত হৈছে উদ্ধাৰ অভি়যান ৷

ABOUT THE AUTHOR

...view details