নিউজ ডেস্ক, ৯ মে' :ৰাষ্ট্ৰীয় মহিলা আয়োগে কোভিড-১৯ মহামাৰীৰ সময়ত মহিলা কৃষকসকলৰ বাবে লকডাউনৰ সময়ত সহায় হোৱাকৈ বিভিন্ন নীতি প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । "Women in Agriculture Sector: facilitating a better role” শীৰ্ষক ভাৰ্চুৱেল কৰফাৰেন্সৰ সহযোগত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আলোচনাত গ্ৰাম্য অৰ্থনীতিৰ লগতে কৃষিখণ্ডত কেন্দ্ৰীয় চৰকাৰে মহিলাসকলৰ অংশগ্ৰহণক লৈ বিশেষ গুৰুত্ব প্ৰদান কৰা হয় ।
ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, কৃষিখণ্ডৰ লগতে ইয়াৰ সহযোগী খণ্ডসমূহত মহিলা কৃষকসকলৰ সহায়ত হোৱাকৈ এক নীতি প্ৰস্তুত কৰিবলৈ আয়োগে কাম কৰি আছে । আলোচনাত অংশগ্ৰহণকাৰীসকলৰ মন্তব্যৰ ভিত্তিত ৰাজ্যসমূহলৈ এই নীতি শীঘ্ৰেই প্ৰদান কৰা হ'ব । কৃষি খণ্ডত নিয়োগ হেৰুওৱা প্ৰব্ৰজনকাৰী মহিলাসকলৰ বাবেও এই নীতি জাৰী কৰা হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে ।
ভিডিঅ' কনফাৰেন্সযোগে হোৱা এই আলোচনাত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, কৃষি মন্ত্ৰালয়, এনআৰএলএম, এনজিঅ'ৰ সদস্য আৰু অন্য়ান্যসকলে অংশগ্ৰহণ কৰে ।