নেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যিসময়ত উত্তৰ-পূৱ ভাৰত বিশেষকৈ অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া বুলি ঘোষণা কৰি থকাৰ সময়তে National Crime Records Bureau (NCRB) য়ে প্ৰকাশ কৰিছে এক ভয়াবহ তথ্য ৷
NCRB প্ৰতিবেদন, 2018 অনুসৰি, এই বৰ্ষত অসমত সৰ্বাধিক 66 টাকৈ ধৰ্ষণৰ গোচৰ ৰুজু হৈছে ৷ অসমৰ পাচতে আছে মধ্য প্ৰদেশ ( 46), উত্তৰ প্ৰদেশ (41) আৰু হাৰিয়ানাৰ স্থান (26) ৷ এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি, "এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যিহেতু বহু ঘটনা আৰক্ষী থানাত ৰুজু নোহোৱাকৈ থাকে ৷" আনহাতে, 2017 চনৰ তুলনাত 2018 চনত বহুখিনি বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা ৷ NRCB প্ৰতিবেদন অনুসৰি, 2017 চনত সমগ্ৰ দেশতে 223 টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল আৰু এই সংখ্যা 2018 চনত বৃদ্ধি পাই 291 টা হয়গৈ ৷
2017 চনত মহাৰাষ্ট্ৰত 26 টা আৰু মধ্য প্ৰদেশত 21 টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ৷ 2017 চনৰ তুলনাত 2018 চনত এই ঘটনা 31 শতাংশ বৃদ্ধি পাইছে ৷