অসম

assam

ETV Bharat / bharat

কৃষকৰ আত্মহত্যা, NCRB ৰ তথ্য ভুল : CPI - NCRB data on farmer suicide is false: CPI

NCRB, 2018 ৰ প্ৰতিবেদনত ভুল তথ্য প্ৰকাশ পোৱা বুলি মন্তব্য কৰিছে CPI ৰ কাৰ্যকৰী সম্পাদক অতুল কুমাৰ অঞ্জনে ৷ 2018 চনত কৃষিকৰ্মৰ সৈতে জড়িত 10,349 জন লোকে আত্মহত্যা কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ ৷

NCRB ৰ ভুল প্ৰতিবেদন
কৃষকৰ আত্মহত্যা, NCRB ৰ তথ্য ভুল : CPI

By

Published : Jan 10, 2020, 7:12 PM IST

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী : National Crime Record Bureau (NCRB), 2018 ৰ অপৰাধৰ তথ্য অনুসৰি, বছৰটোত মুঠ 50 লাখ অপৰাধৰ গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ আকস্মিক দুৰ্ঘটনা আৰু আত্মহত্যাৰ NRCB প্ৰতিবেদন অনুসৰি, 2018 চনত কৃষিকৰ্মৰ সৈতে জড়িত 10,349 জন লোকে আত্মহত্যা কৰিছে ৷ ইয়াৰে 5,767 জন কৃষক আৰু 4,586 জন কৃষিকৰ্মৰে জড়িত শ্ৰমিক বুলি জানিব পৰা গৈছে ৷

অতুল কুমাৰ অঞ্জন

কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়াৰ (CPI) ৰাষ্ট্ৰীয় সম্পাদক অতুল কুমাৰ অঞ্জনে এই তথ্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কোনো জিলা প্ৰশাসনে কেন্দ্ৰীয় চৰকাৰলৈ আত্মহত্যাৰ সঠিক তথ্য প্ৰেৰণ কৰিব নিবিচাৰে ৷ সেয়েহে 2018 চনত কৃষকৰ মৃত্যুৰ সংখ্যা NCRB প্ৰতিবেদনত কমকৈ অন্তৰ্ভূক্ত কৰা হৈছে বুলি মন্তব্য কৰে সম্পাদকগৰাকীয়ে ৷
অঞ্জনে কয়, "যদি 10 জনৰ মৃত্যু হয়, তেওঁলোকে চাৰিজন বুলি কয় ৷ বহু অঞ্চলত কৃষকৰ মৃত্যুক প্ৰেম সম্পৰ্কীয় কাৰণ বুলি প্ৰকাশ কৰা হয় ৷ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে সংসদত এনেদৰে কৈছিল ৷"

তেওঁ লগতে কয় যে, কৃষকৰ মৃত্যুক এনেদৰে উপেক্ষা কৰা উচিত নহয় আৰু কিছু অঞ্চলত কৃষকৰ আত্মহত্যা শূন্য বুলি প্ৰকাশ কৰি চৰকাৰে মিছা তথ্য প্ৰকাশ কৰিছে ৷ 2017 চনত 10,655 জন কৃষিকৰ্মৰ সৈতে জড়িত লোকে আত্মহত্যা কৰিছিল আৰু 2016 চনত এই সংখ্যা বৃদ্ধি পাই 11,379 জন হৈছিলগৈ ৷

প্ৰতিবেদন অনুসৰি, 2018 চনত পশ্চিমবংগ, বিহাৰ, উড়িশা, উত্তৰাখণ্ড, মেঘালয়, গোৱা, চণ্ডিগড়, দামান আৰু ডিউ, দিল্লী, লক্ষদ্বীপ আৰু পণ্ডিচেৰীত কৃষিকৰ্মৰ সৈতে জড়িত লোকৰ আত্মহত্যাৰ সংখ্যা শূন্য ৷

2017 চনত এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ তিনিমাহ পাচতে প্ৰকাশ পোৱা 2018 চনৰ আকস্মিক দূৰ্ঘটনা আৰু আত্মহত্যাত ভাৰতবৰ্ষত 1,34,516 জন লোকৰ মৃত্যু হৈছে ৷

আৰু পঢ়ক : দুবাৰকৈ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল দেশৰ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details