নেশ্যনেল ডেস্ক, 23 নৱেম্বৰ: দেবেন্দ্ৰ ফাড়নাৱিছ আৰু অজিত পাৱাৰে চৰকাৰ গঠন কৰাৰ পাছতেই ক্ৰমে জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ ৷ NCP ৰ প্ৰমুখ শাৰদ পাৱাৰ আৰু শিৱসেনা প্ৰধান উদ্ধৱ থাকৰে সম্বোধন কৰিছে যুটীয়া সংবাদ মেলৰ ৷ সংবাদমেলত NCP মুখ্য শাৰদ পাৱাৰৰ মন্তব্য, "কংগ্ৰেছ, NCP আৰু শিৱ সেনাৰ হাতত চৰকাৰ গঠনৰ বাবে বৰ্তমানেও প্ৰয়োজনীয় সংখ্যক বিধায়ক আছে ৷ ইয়াৰোপৰি বহু সংখ্যক নিৰ্দলীয় বিধায়কৰ সমৰ্থনো আমাৰ লগত আছে ৷ ইয়াৰ সৰ্বমুঠ সংখ্যা প্ৰায় 170 হ'ব" বুলি মন্তব্য জ্যেষ্ঠ নেতা গৰাকীৰ ৷
ফাড়নাৱিছে সংখ্যগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে: শাৰদ পাৱাৰ - শিৱ সেনা
NCP ৰ প্ৰমুখ শাৰদ পাৱাৰ আৰু শিৱ সেনা প্ৰধান উদ্ধৱ থাকৰে সম্বোধন কৰিছে যুটীয়া সংবাদ মেলৰ ৷ সংবাদমেলত NCP মুখ্য শাৰদ পাৱাৰৰ মন্তব্য ৷ কংগ্ৰেছ, NCP আৰু শিৱ সেনাৰ হাতত চৰকাৰ গঠনৰ বাবে বৰ্তমানেও প্ৰয়োজনীয় সংখ্যক বিধায়ক আছে ৷ ইয়াৰোপৰি বহু সংখ্যক নিৰ্দলীয় বিধায়কৰ সমৰ্থনো আমাৰ লগত আছে ৷ ইয়াৰ সৰ্বমুঠ সংখ্যা প্ৰায় 170 হ'ব বুলি মন্তব্য জ্যেষ্ঠ নেতা গৰাকীৰ ৷
বিজেপিৰ লগত মিলিত হৈ চৰকাৰ গঠন কৰা সন্দৰ্ভত NCP ৰ প্ৰমুখ শাৰদ পাৱাৰে দলীয় অনুশাসন ভংগ কৰাৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে ৷ তেওঁ লগতে কয় যে, কোনো এনচিপি কৰ্মীয়ে বিজেপি-এনচিপি চৰকাৰখনৰ পক্ষত নাই ৷ ইয়াৰ লগতে তেওঁ জানিবলৈ দিয়ে যে, আজি বিয়লি 4 বজাত নিৰ্বাচন কৰা হ'ব NCP ৰ বিধায়িনী দলৰ দলপতি ৷ আজিত পাৱাৰে বিজেপিৰ লগত মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাৰ পাছতে এই ঘোষণা NCP মুখ্য শাৰদ পাৱাৰৰ ৷ শাৰদ পাৱাৰে লগতে কয় যে, শপত গ্ৰহনৰ সময়ত ৰাজ ভৱনত 10-11 জন বিধায়ক আছিল আৰু সেই সকলৰ ভিতৰত 3 জন আকৌ উভতি আহিছে ৷
NCP ৰ দুই বিধায়ক সন্দিপ ক্ষীৰসাগৰ আৰু সুনিল ভুচাৰায়ে কয় যে, তেওঁলোকৰ অজ্ঞাতে তেওঁলোকক শপত গ্ৰহন অনুষ্ঠানলৈ লৈ যোৱা হৈছিল ৷ ইয়াৰ লগতে শিৱ সেনা প্ৰমুখ উদ্ধৱ ঠাকৰেয়ে কয় যে শিৱসেনাৰ বিধায়কসকল বিচলিত নহয় ৷