নিউজ ডেস্ক,13 নৱেম্বৰঃ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ আজি দ্বিতীয়টো দিন ৷ মঙলবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ অনুমোদন জনাইছিল ৷ ফলাফল ঘোষণাৰ 18 টা দিনৰ পাচতো কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰাত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ৰাজ্যখনত ৷ ইপিনে,মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টী চমুকৈ NCPৰ নেতা শাৰদ পাৱাৰ আৰু অজিত পাৱাৰে বুধবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰে এখন পত্ৰ ৷ পত্ৰখনৰ জৰিয়তে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন আগন্তুক তিনি দিনলৈ বাতিল কৰাৰ আহ্বান জনায় দলটোৱে ৷
লগতে পঢ়কঃ কাৰাগাৰৰ পৰা মুকলি হৈ ক'ত হেৰাল UNLF ৰ অধ্যক্ষ ৰাজকুমাৰ মেঘেন ?