অসম

assam

ETV Bharat / bharat

এনচিচিত অন্তৰ্ভূক্ত কৰা হ'ব 173খন সীমান্তৱৰ্তী, উপকূলীয় জিলা - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘোষণা

স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘোষণাৰ পিচতেই নেশ্বনেল কেডেট ক'ৰে ইয়াৰ অন্তৰ্গত জিলাৰ সংখ্যা বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দেওবাৰে এই সিদ্ধান্তক অনুমোদন জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ইয়াৰ দ্বাৰা দেশৰ সৰ্ববৃহৎ সামৰিক স্বেচ্ছাসেৱক সংস্থাটোত 173খন সীমান্তৱৰ্তী আৰু উপকূলীয় জিলা অতিৰিক্তভাৱে সংযোজন কৰা হ'ব ৷

দেশৰ সৰ্ববৃহৎ সামৰিক স্বেচ্ছাসেৱক সংস্থা
এনচিচিত অন্তৰ্ভূক্ত কৰা হ'ব 173খন সীমান্তৱৰ্তী, উপকূলীয় জিলা

By

Published : Aug 16, 2020, 4:12 PM IST

নিউজ ডেস্ক, 16 আগষ্ট :দেশৰ উপকূলীয় আৰু সীমান্তৱৰ্তী জিলাসমূহৰ যুৱ-প্ৰজন্মৰ আশা-আকাংক্ষা পুৰ কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নেশ্বনেল কেডেট ক'ৰৰ সংখ্যা বৰ্ধনত অনুমতি প্ৰদান কৰিছে ৷ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা ঘোষণাৰ পিচতেই দেশৰ সৰ্ববৃহৎ সামৰিক স্বেচ্ছাসেৱক সংস্থাটোৰ ইউনিটৰ সংখ্যা বৃদ্ধিত অনুমোদন জনায় প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৷

প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাত দেশৰ 173 খন উপকূলীয় আৰু সীমান্তৱৰ্তী জিলাৰ প্ৰায় 1 লাখ কেডেট সংলগ্ন কৰা হ'ব আৰু ইয়াৰ এক-তৃতীয়াংশ কেডেট যুৱতী হ'ব ৷ইয়াৰ বাবে দেশৰ উপকূলীয় আৰু সীমান্তৱৰ্তী জিলাসমূহত 1000ৰো অধিক বিদ্যালয় আৰু মহাবিদ্যালয় চিনাক্ত কৰি নিৰ্বাচন কৰা হৈছে ৷

এই সংবৰ্ধন আঁচনিৰ অধীনত 83টা এনচিচি ইউনিট উন্নীত কৰা হ'ব আৰু ইয়াৰ ভিতৰত আৰ্মীৰ 53টা, নেভীৰ 20টা আৰু এয়াৰ ফৰ্চৰ 10টা ইউনিট থাকিব ৷ স্থলসেনাই সীমান্তৱৰ্তী অঞ্চলত, নৌ-সেনাই উপকূলীয় অঞ্চলত আৰু বায়ুসেনাই ইয়াৰ নিকটৱৰ্তী অঞ্চলত এনচিচি কেডেটক প্ৰশিক্ষণৰ দায়িত্ব লৈছে ৷ এই সংবৰ্ধন আঁচনিৰ দ্বাৰা দেশৰ সীমান্তৱৰ্তী আৰু উপকূলীয় জিলাসমূহৰ যুৱপ্ৰজন্মক ভাৰতীয় সামৰিক বাহিনীত যোগদান কৰাৰ লগতে লগতে এক সু-শৃংখলিত আৰু দায়িত্ববোধজনিত জীৱন যাপন কৰাৰ বাবে উপযুক্ত সকলো প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৷

লগতে পঢ়কঃ98 বছৰীয়া প্ৰাক্তন সৈনিকে পৰাস্ত কৰিলে কোভিড-19

ABOUT THE AUTHOR

...view details