নিউজ ডেস্ক, ৯ জুলাইঃ অন্ধ্ৰ প্ৰদেশ-উৰিষ্যা সীমান্তত 'মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো' (Narcotics Control Bureau)ই জব্দ কৰে ৫,৪৭৭ কিলোগ্ৰাম গাঞ্জা । 'মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো'ই বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । প্ৰাপ্ত খবৰ অনুসৰি উক্ত অঞ্চলৰ পৰা দেশৰ বিভিন্ন অঞ্চললৈ গাঞ্জা সৰবৰাহ হৈ আহিছিল ৷
দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলটোত চলোৱা অভিযানৰ ফলত ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তলৈ গাঞ্জা সৰবৰাহ কৰা বহুকেইটা গাঞ্জা সৰবৰাহকাৰী দলৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে । উক্ত অঞ্চলত অধিকাংশ গাঞ্জা ৰাষ্ট্ৰীয়ভাৱে অনুমতিপ্ৰাপ্ত ট্ৰাকৰ পৰা জব্দ কৰা হয় বুলি জানিব পৰা গৈছে । মে ' মাহৰ শেষৰটো সপ্তাহৰ পৰা জুলাইৰ প্ৰথম সপ্তাহলৈকে উক্ত অঞ্চলৰ পৰা মুঠ ৫,৪৭৭ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হৈছে । অভিযানৰ সময়ত চাৰিখন বেলেগ বেলেগ ৰাজ্যৰ পৰা অহা ট্ৰাকৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি । ইফালে, এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ১৩ গৰাকী অভিযুক্তক আটক কৰা হয় ।