অসম

assam

ETV Bharat / bharat

অৰ্জুন ৰামপালৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী এনচিবিৰ - মুম্বাই

দেওবাৰে এনচিবিয়ে ছবি প্ৰযোজক নাদিয়াৱালাৰ ঘৰত তদন্ত চলাই ১০ গ্ৰাম গাঞ্জা জব্দ কৰে ৷ এনচিবিয়ে ড্ৰাগছ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ফিৰোজ নাদিয়াৱালাৰ পত্নী শ্বানা ছীডক আটক কৰে।

NCB conducts raids at premises of actor Arjun Rampal in Mumbai
অৰ্জুন ৰামপালৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী এনচিবিৰ

By

Published : Nov 9, 2020, 7:35 PM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ :সোমবাৰে নাৰ্কটিকছ কন্ট’ল ব্যুৰো চমুকৈ এনচিবিয়ে অভিনেতা অৰ্জুন ৰামপালৰ মুম্বাইৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলায় । ইয়াৰ পূৰ্বে দেওবাৰে এটা ঔষধ সম্পৰ্কীয় কেলেংকাৰীত এন চি বিয়ে আটক কৰা ছবি প্ৰযোজক ফিৰোজ নাদিয়াৱালাৰ পত্নী আৰু চাৰিজন ঔষধ সৰবৰাহকাৰীক পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়ে ।

আনহাতে ফিৰোজ নাদিয়াৱালাকো এনচিবিয়ে জেৰাৰ বাবে কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল ৷ এনচিবিৰ নিৰ্দেশ অনুসৰি ইতিমধ্যে তদন্তকাৰী সংস্থাটোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে নাদিয়াৱালা । নাদিয়াৱালাৰ পত্নী আৰু আন কেইজন লোকৰ ৰিমাণ্ডৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছে ।

দেওবাৰে এনচিবিয়ে ছবি প্ৰযোজক নাদিয়াৱালাৰ ঘৰত তদন্ত চলাই ১০ গ্ৰাম গাঞ্জা জব্দ কৰে ৷ এনচিবিয়ে ড্ৰাগছ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ফিৰোজ নাদিয়াৱালাৰ পত্নী শ্বানা ছীডক আটক কৰে । গাঞ্জাখিনি ৱাহিদ আব্দুল কাদিৰ শেখ নামৰ আন এজন অভিযুক্তৰ পৰা ক্ৰয় কৰা হৈছিল বুলি এনচিবিয়ে জানিবলৈ দিয়ে ।

এনচিবিয়ে এক বিবৃতিত শ্বানা ছীডলৈ এনডিপিএছ আইনৰ ৬৭ ধাৰাৰ অধীনত জাননী জাৰী কৰাৰ কথা উল্লেখ কৰাৰ লগতে তেওঁৰ সাক্ষ্য গ্ৰহণৰ পাছত ৮ নৱেম্বৰলৈ জিম্মাত ৰখাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়ক :অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ মুম্বাই উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details