নেশ্যনেল ডেস্ক, ৩ অক্টোবৰ : ছত্তিশগড়ৰ বিজাপুৰত বহু লোকৰ হত্যাকাণ্ডৰে জড়িত নক্সালবাদী নেতা মডিয়াম বিজ্জাক হত্যা কৰিলে নিজ সংগঠনৰে এজন কেডাৰে । বিজ্জাৰ সম্ভেদ দিওঁতালৈ ৪ লাখ টকাৰ বঁটা ঘোষণা কৰা হৈছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে । ছট্টিশগড়ৰ বিজাপুৰৰ দক্ষিণ বস্তৰ অঞ্চলত হত্যা-হিংসাৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বিজ্জাই ।
নক্সাল নেতা মডিয়াম বিজ্জাক হত্যা - নক্সালবাদী
নক্সালবাদী সংগঠনৰ নেতা মডিয়াম বিজ্জাক হত্যা । ছট্টিশগড়ত নিজ সংগঠনৰ অনুজ কেডাৰৰ হাততে প্ৰাণ গ'ল নক্সালবাদী নেতা বিজ্জাৰ । ছট্টিশগড়ৰ বিজাপুৰ জিলাৰ গংগালুৰ অঞ্চল কমিটীৰ কেডাৰে হত্যা কৰিলে মডিয়াম বিজ্জাক । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
ছট্টিশগড়ত সংগঠনৰ অনুজ কেডাৰৰ হাততে প্ৰাণ গ'ল জ্যেষ্ঠ নক্সালবাদী নেতাৰ
নিৰীহ আদিবাসীৰ বিৰুদ্ধে চলা অত্যাচাৰ সম্বন্ধে জ্যেষ্ঠ আৰু স্থানীয় কেডাৰৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু এই সংঘাতে হত্যাকাণ্ডৰ ৰূপ লয় । নিজ সংগঠনৰে গংগালুৰ অঞ্চল কমিটীৰ এজন অনুজ কেডাৰে হত্যা কৰে জ্যেষ্ঠ নক্সালবাদী নেতা মডিয়াম বিজ্জাক । বিভাগীয় কমিটীৰ সদস্য বিজাৰ মৃত্যুৰ পিছতে এই কথা প্ৰকাশ কৰিছে আৰক্ষী বিষয়া পি সুন্দৰৰাজে ।
লগতে পঢ়ক :অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী ভাস্কৰ্য শিল্পী