নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ : ভাৰতীয় নৌসেনাৰ যুদ্ধবিমানে ভাৰত মহাসাগৰত প্ৰৱেশ কৰা চীনৰ এখন ৰিচাৰ্ছ ভেছেলৰ অৱস্থিতি ধৰা পেলাইছিল ৷ লাডাখত দুই দেশৰ সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে যোৱা মাহত সংঘটিত হৈছে এই ঘটনা ৷
যোৱা মাহত মালাক্কা ষ্ট্ৰেইটৰ পৰা ভাৰত মহাসাগৰত প্ৰৱেশ কৰিছিল য়ুহান ৱাং ক্লাছ ৰিচাৰ্ছ ভেছেলখন ৷ সেই স্থানত মোতায়েন কৰা ভাৰতীয় সেনাই এই ভেছেলখন ট্ৰেক কৰিবলৈ সক্ষম হয় ৷
ভাৰতীয় নৌসেনাৰ ভেছেলে তীক্ষ্ম দৃষ্টি নিক্ষেপ কৰাৰ পাচতে চীনৰ ভেছেলখন নিজ দেশলৈ উভতি যায় ৷ এনে ধৰণৰ ভেছেল বেইজিঙৰ পৰা প্ৰায়ে আহে আৰু ভাৰতীয় সমুদ্ৰ ক্ষেত্ৰ সম্পৰ্কত তথ্য সংগ্ৰহৰ চেষ্টা চলায় ৷