নতুন দিল্লী,18 ফেব্ৰুৱাৰীঃ ভাৰত-ম্যানমাৰৰ মাজত সামুদ্ৰিক সম্পৰ্ক অধিক দৃঢ় কৰাৰ স্বাৰ্থত ভাৰতীয় নৌসেনা প্ৰধানৰ ম্যানমাৰ যাত্ৰা ৷ সেয়ে ভাৰতীয় নৌ সেনাৰ মুৰব্বী কৰমবীৰ সিঙে 17 ফেব্ৰুৱাৰীত ম্যানমাৰ অভিমুখে যাত্ৰা কৰে ৷ নৌসেনাৰ বিভাগীয় কৰ্তৃপক্ষই দ্বি-পাক্ষিক সামুদ্ৰিক সম্বন্ধ উন্নত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে ৷
ভ্ৰমণসূচী অনুসৰি,ভাৰতীয় নৌ সেনা প্ৰধানগৰাকীয়ে ম্যানমাৰৰ নৌসেনা প্ৰধান টিন আংগ সানৰ লগত দ্বি-পাক্ষিক চৰ্চাত মিলিত হ’ব ৷ তদুপৰি প্ৰতিৰক্ষা বাহিনীৰ জ্যেষ্ঠ নেতা মিন আংগ হ্লিংগৰ লগতে অন্যান্য বিষয়াসকলৰ বিভিন্ন বিষয় সম্পৰ্কত বৈঠকত মিলিত হ’ব বুলি ভাৰতীয় নৌ সেনাৰ এক সূত্ৰত প্ৰকাশ পায় ৷ এই বৈঠকে ভাৰত-ম্যানমাৰৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্কক অধিক উন্নত কৰিব বুলি আশা প্ৰকাশ কৰিছে নৌ প্ৰধানগৰাকীয়ে ৷