নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰীঃ ক্ৰমাগতভাৱে অষ্টমবাৰলৈ বিজেডিৰ সভাপতি হিচাপে নিৰ্বাচিত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক ৷ এই পদৰ বাবে পুনৰ নিৰ্বাচন হোৱাৰ পিচত মনোনয়ন পত্ৰ দাখিল কৰা নবীন পাটনায়কেই একমাত্ৰ নেতা ৷ বুধাবাৰে ৰিটাৰ্ণিং বিষয়া পি.কে দেৱে নবীন পাটনায়কক সভাপতি হিচাপে ঘোষণা কৰে ৷ বিজেডি দলৰ 73 বছৰীয়া বৰ্ষীয়ান নেতাগৰাকীয়ে ওড়িশাৰ বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনত নিৰংকুশভাৱে জয়লাভ কৰি একেৰাহে পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ৷ উল্লেখ্য যে ওড়িশাৰ আঞ্চলিক দল বিজু জনতা দল 1997 চনৰ 26 ডিচেম্বৰত গঠিত হৈছিল ৷
সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিচত পাটনায়কে বিজেডি দলে নিৰ্বাচনত জয় বা পৰাজয়ক লৈ অংশগ্ৰহণ নকৰে ৷ ওড়িশাৰ জনসাধাৰণৰ মৰম-চেনেহৰ বাবেই বিজেডি দলে শাসনভাৰ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে ওড়িশাৰ 4.5 কোটি জনতাক ধন্যবাদ জ্ঞাপন কৰে ৷