অসম

assam

ধৰ্ষণৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ

By

Published : Dec 4, 2019, 12:02 AM IST

দেশ কপাঁই যোৱা হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে উত্তাল প্ৰতিবাদ ৷ মংগলবাৰে তেলেংগানাৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰী, মানৱ অধিকাৰ কৰ্মী আৰু ন্যায়ালয়ৰ অধিবক্তাসকলে পশু চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত বাহিৰ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

Nationwide protests erupt against Hyderabad vet's rape-murder
ধৰ্ষণৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ

নেশ্বনেল ডেস্ক, 3 ডিচেম্বৰঃ দেশ কপাঁই যোৱা হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে উত্তাল প্ৰতিবাদ ৷ মংগলবাৰে তেলেংগানাৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰী, মানৱাধিকাৰ কৰ্মী আৰু ন্যায়ালয়ৰ অধিবক্তাসকলে পশু চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত বাহিৰ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত মংগলবাৰে স্কুল, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে পশু চিকিৎসকগৰাকীৰ দলবদ্ধ ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

পশু চিকিৎসকৰ হত্যাৰ প্ৰতিবাদত গুৱাহাটীত মহিলাৰ প্ৰতিবাদ
ধৰ্ষণকাৰীৰ ছমাহৰ ভিতৰত শাস্তি প্ৰদানৰ দাবীত মালিৱালৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ
তেলেংগানাত উচ্চ ন্যায়ালয়ৰ চৌহদত এডভকেট জইণ্ট এক্সন কমিটীৰ প্ৰতিবাদী কাৰ্যসূচী

সমান্তৰালভাৱে অসমতো গুৱাহাটীৰ ৰাজপথত শতাধিক মহিলাই উক্ত পৈশাচিক ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় ৷ ইফালে প্ৰতিবাদ কাৰ্যসূচীৰ এক অংশ হিচাপে দিল্লী মহিলা আয়োগৰ আয়ুক্ত স্বাতি মালিৱালে জন্তৰ মন্তৰত ধৰ্ষণ কাণ্ডত কৰায়ত্ব হোৱা অপৰাধীক 6 মাহৰ ভিতৰত মৃত্যুদণ্ডৰ শাস্তি প্ৰদানৰ দাবীত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰে ৷ কলিকতাটো কলিকতা নেশ্বনেল মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে পশু চিকিৎসকৰ ধৰ্ষণ কাণ্ড আৰু হত্যাৰ প্ৰতিবাদত ৰাজপথত মমবাতি লৈ সমদল বাহিৰ কৰে ৷

কলকাতা নেছনেল মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদী সমদল
হায়দৰাবাদত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী
তেলেংগানা ধৰ্ষণ কাণ্ড সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত শিৱৰাজ সিং চৌহানৰ

উল্লেখযোগ্য যে, হায়দৰাবাদৰ 27 বৰ্ষীয় পশু চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত বিগত চাৰিদিন ধৰি অব্যাহত থকা ৰাজহুৱা ই-আৱেদনত 15 লাখ লোকে ইতিমধ্যে স্বাক্ষৰ প্ৰদান কৰিছে ৷ যোৱা 29 নৱেম্বৰত আৰম্ভ হোৱা এই স্বাক্ষৰ পৰ্বত মাত্ৰ 24 ঘণ্টাৰ ভিতৰত 3 লাখ লোকে অনলাইনযোগে স্বাক্ষৰ প্ৰদান কৰিছে আৰু স্বাক্ষৰকাৰীৰ সংখ্যা নিতৌ বৃদ্ধি হৈছে ৷ আনহাতে বাংগালুৰুতো পশু চিকিৎসক আৰু পশু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত ঘটনাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে জন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা মহিলাসকলে ধৰ্ষণকাৰীৰ তৎকালেই মৃত্যুদণ্ডৰ দাবীত প্ৰতিবাদস্থলী কপাঁই তোলে ৷ ইফালে সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা মত-বিনিময়ত বিজেপি সাংসদ হেমা মালিনীয়ে ধৰ্ষণকাৰীক স্থায়ীভাৱে কাৰাদণ্ড বিহিব লাগে বুলি মন্তব্য কৰে ৷

দিল্লী মহিলা আয়োগৰ আয়ুক্ত স্বাতি মালিৱালৰ আমৰণ অনশন
ধৰ্ষণকাৰীক স্থায়ীভাৱে কাৰাদণ্ড বিহিব লাগে: হেমা মালিনী
জন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী
বাংগালুৰুতো পশু চিকিৎসক আৰু পশু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচী

দিল্লী মহিলা আয়োগৰ আয়ুক্ত স্বাতী মালিৱালে মংগলবাৰে ছমাহৰ ভিতৰত ধৰ্ষণকাৰীক ফাঁচিৰ ৰায়দান দিয়াৰ দাবীৰে প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰেৰণ কৰিছে ৷ তেলেংগানা ধৰ্ষণ কাণ্ডত উদ্বিগ্নতা ব্যক্ত কৰি মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এনে কাণ্ডৰ সৈতে জড়িত অপৰাধীক ৰাজহুৱা শাস্তি প্ৰদানৰ পোষকতা কৰে ৷ উক্ত ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদত দক্ষিণ দিল্লীৰ মেহৰুলিত সোমবাৰে আবেলি স্থানীয় লোক তথা কিছু দল সংগঠনে মমবাতি লৈ সমদল বাহিৰ কৰে ৷ উক্ত সমদলত একাংশ কংগ্ৰেছ নেতা-কৰ্মীসহ ৰমেশ কুমাৰ কুল্লু আৰু পুষ্পা সিঙে অংশগ্ৰহণ কৰি সকলো ধৰ্ষণ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰাৰ লগতে ইয়াৰ ন্যায় ব্যৱস্থা খৰতকীয়া কৰাৰ দাবী জনায় ৷ তেলেংগানাত উচ্চ ন্যায়ালয়ৰ চৌহদত সোমবাৰে এডভকেট জইণ্ট এক্সন কমিটীয়ে পশু চিকিৎসকৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী অধিবক্তাসকলে হাতত মমবাতি আৰু প্লে'কাৰ্ডলৈ পীড়িতক ন্যায় প্ৰদান আৰু ধৰ্ষণকাৰীক সৰ্বোচ্চ শাস্তি প্ৰদানৰ দাবীৰে ধৰ্ণা প্ৰদান কৰে ৷

আৰু পঢ়ক ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে হত্যা কৰকঃ সাংসদ জয়া বচ্চন

ABOUT THE AUTHOR

...view details