নিউজ ডেস্ক, 8 জুনঃ ৰাষ্ট্ৰীয়তাবাদ হৈছে বিজেপিৰ মুল চালিকা শক্তি, ডি এন এ আৰু ইয়াৰ দ্বাৰাই ভাৰত এদিন বিশ্বগুৰুত পৰিনত হ'ব ৷ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত এক সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে ৷
স্বাধীনতাৰ এশ বছৰ পূৰ্তিত ভাৰত হৈ পৰিব বিশ্বগুৰুঃ ৰাম মাধৱ - VishwaGuru
ভাৰতক বিশ্বগুৰু হোৱাত কোনেও বাধা দিব নোৱাৰে ৷ ৰাষ্ট্ৰীয়তাবাদ বিজেপিৰ ডি এন এ আৰু ইয়াৰ সহায়তে ভাৰত বিশ্বগুৰুত পৰিণত হ'ব ৷ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত এক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে ৷
লগতে পঢ়কঃ সেনাত যোগদান কৰিলে 382 গৰাকী বিষয়াই
"অহা 2047 চনত দেশে স্বাধীনতাৰ এশ বছৰ পূৰ্ণ কৰিব তেতিয়াই ভাৰত বিশ্বগুৰুত পৰিণত হ'ব ৷ ৰাষ্ট্ৰীয়তাবাদৰ মুল মন্ত্ৰৰে পৰিচালিত বিজেপিয়ে এখন নৱ দেশৰ জনতাক এখন নৱ ভাৰত উপহাৰ হিচাপে দিব ৷ ভাৰতৰ বৰ্তমান হৈছে নৰেন্দ্ৰ মোডী নেতৃত্বধীন বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু এইখন চৰকাৰেই হৈছে ভাৰতৰ ভৱিষ্যত ৷ 2022ৰ ভিতৰত দেশবাসীয়ে নৱ ভাৰত লাভ কৰিব আৰু নৱ ভাৰতত নাথাকিব কোনোধৰণ দৰিদ্ৰতা, গৃহহীনতা আৰু নিবনুৱা সমস্যা ৷" ত্ৰিপুৰাত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷