অসম

assam

By

Published : Dec 27, 2019, 7:46 PM IST

Updated : Dec 27, 2019, 8:45 PM IST

ETV Bharat / bharat

ছত্তিশগড়ত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ

24 খন দেশৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰিছে এই বিশেষ নৃত্য মহোৎসৱত ৷ অন্যান্য ৰাজ্যৰ লগতে অসমৰ বাগৰুম্বা নৃত্যইও আপ্লুত কৰিছে বহিঃৰাজ্যৰ বিভিন্ন দৰ্শকক ৷

National Tribal Dance Festival at Chattisgarh
ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ

নিউজ ডেস্ক,27 ডিচেম্বৰঃ শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ ছত্তিশগড়ত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ ৷ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এই ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ ৷ 24 খন ৰাজ্য়ৰ শিল্পীয়ে অংশগ্ৰহণ কৰিছে এই বিশেষ নৃত্য মহোৎসৱত ৷ এই অনুষ্ঠানত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা , অসম , চিকিম, মণিপুৰ, উত্তৰ প্ৰদেশ. মধ্যপ্ৰদেশ, বিহাৰ , ঝাৰখণ্ড, অন্ধপ্ৰদেশ , তেলাংগানা, কৰ্ণাটক, তামিলনাডু, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, লাডাখ, কেৰালা, আন্দামান নিকোবৰ, ওড়িশা, গুজৰাট, জম্মু-কাশ্মীৰৰ পৰা অহা নৃত্যশিল্পীসকলে এই অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰিছে ৷ কেৱল সেয়াই নহয় , দেশৰ বাহিৰৰ পৰাও নৃত্য প্ৰদৰ্শনকাৰী দল আহিছে এই মহোৎসৱত নৃত্য প্ৰদৰ্শনৰ বাবে ৷ য়ুগাণ্ডা, মালদ্বীপ, বেলাৰুঞ্চ, বাংলাদেশ, শ্ৰীলংকা আৰু থাইলেণ্ডৰ দৰে বহিঃৰাষ্ট্ৰৰ পৰা নৃত্য শিল্পীসকল আহিছে নৃত্য প্ৰদৰ্শনৰ বাবে ৷

ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ

অসমৰ বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বা প্ৰদৰ্শন কৰা নৃত্য শিল্পীসকলে মনৰ ভাৱ প্ৰকাশ কৰে এনেদৰেঃ

অসমৰ নৃত্য শিল্পীৰ দল

এই সুযোগতে ই টি ভাৰতৰ সাংবাদিকে ভাৰতৰ অৰুণাচল প্ৰদেশৰ পৰা অহা শিল্পীসকলৰ সৈতে কিছু মত বিনিময় কৰে ৷ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনকাৰী দলটোৱে জনোৱা অনুসৰি ,অৰুণাচল প্ৰদেশত 100 টাতকৈও অধিক সম্প্ৰদায় আছে ৷ য'ত আধাতকৈও বেছি সম্প্ৰদায় জনগোষ্ঠীৰ অন্তৰ্গত ৷ এই নৃত্যৰ জৰিয়তে , জনগোষ্ঠীয় লোকসকলে কেনেদৰে খেতি কৰে সেই প্ৰক্ৰিয়া সমূহৰ বিষয়ে দাঙি ধৰা হয় ৷ লগতে তেওঁলোকে জনাই যে, এই সময়ত অৰুণাচল প্ৰদেশত যথেষ্ট ঠাণ্ডা হয় ৷এই সময়ত অৰুণাচলী লোকসকলে জেকেট বা চুৱেটাৰ পিন্ধিহে ঘূৰা ফুৰা কৰিব পাৰে ৷ ৰায়পুৰত তেওঁলোক উপস্থিত হৈ ৰায়পুৰৰ বতৰ যথেষ্ট ভাল পাইছে বুলি জনোৱাৰ লগতে অঞ্চলটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মানুহৰ ব্যৱহাৰেও তেওঁলোকক যথেষ্ট আপ্লুত কৰি তুলিছে বুলি জানিবলৈ দিয়ে ৷

অৰুণাচলৰ নৃত্য শিল্পীৰ দল

লগতে পঢ়কঃ54 বছৰীয়া হ'ল অভিনেতা চলমান খান

Last Updated : Dec 27, 2019, 8:45 PM IST

ABOUT THE AUTHOR

...view details