নিউজ ডেস্ক, 1 ডিচেম্বৰ: দেশ জোকাৰি যোৱা হায়দৰাবাদৰ ধৰ্ষণ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজধানী চহৰ দিল্লীত এগৰাকী 8 বছৰীয়া শিশুক ধৰ্ষণ ৷ 26 নৱেম্বৰত সংঘটিত হয় এই ধৰ্ষণকাণ্ড ৷ দুস্কাৰ্য সংঘটিত কৰি হাবিত পেলাই থৈ যায় শিশুটিক ৷
আনহাতে, ৰাজস্থানৰ টঙ্কতো এগৰাকী 6 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ ৷ উল্লেখ্য যে, শনিবাৰৰ পৰা নিখোজ হৈ আছিল শিশুটি ৷ আলিগড় অঞ্চলত স্কুল ইউনিফৰ্ম পৰিহিতা অৱস্থাত জংঘলত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ ৷
দিল্লী আৰু ৰাজস্থানৰ পাচত উত্তৰাখণ্ডৰ তেহৰীতো এগৰাকী কৰ্ণাটকৰ মহিলাক ধৰ্ষণ কৰে এজন ট্ৰাক ড্ৰাইভাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া কৰি ঘৰ এৰি যোৱা মহিলাগৰাকীক সহায় কৰাৰ চলেৰে বলাৎকাৰ কৰে ড্ৰাইভাৰজনে ৷