পতাকা গ্ৰহণ দিৱস : কোটি কোটি ভাৰতীয় লোকেৰে গঠিত সমগ্ৰ ভাৰত ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা ভাৰতৰ জাতীয় পতাকাখনৰ বিষয়ে সজাগ কৰি তুলিবলৈ ২২ জুলাইৰ দিনটো পতাকা গ্ৰহণ দিৱস হিচাপে পালন কৰা হয় । ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল । এই স্বাধীনতাৰ ফলত সকলো লোকে দেশৰ সকলো প্ৰান্ততে মুকলিকৈ চলন-ফুৰণ কৰাৰ অধিকাৰ লাভ কৰিছিল । এই দিৱস পালনৰ জৰিয়তে আমি আমাৰ জাতীয় পতাকা গ্ৰহণৰ দিনটো মনত পেলাওঁ, আমাৰ মনৰ পৰা সশ্ৰদ্ধ সেৱা জনাওঁ বা আমাৰ নতুন প্ৰজন্মক ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে অৱগত কৰোঁ ।
কিয় জাতীয় পতাকা গ্ৰহণ দিৱস পালন কৰা হয় ?
২২ জুলাইত জাতীয় পতাকাৰ ত্ৰিৰংগ গ্ৰহণ কৰাৰ দিনটো মনত পেলোৱাৰ উদ্দেশ্যে জাতীয় পতাকা গ্ৰহণ দিৱস পালন কৰা হয় । ভাৰতৰ জাতীয় পতাকাৰ ত্ৰিৰংগ গ্ৰহণ কৰা হৈছিল দেশভক্তিৰ প্ৰকৃত অৰ্থক প্ৰতিনিধিত্ব কৰাৰ লগতে ভাৰতীয়সকল বিশেষকৈ যুৱক-যুৱতী বা ভৱিষ্যত প্ৰজন্মৰ মাজত থকা সম্ভাৱনা আৰু শক্তিক প্ৰকাশ কৰাৰ উদ্দেশ্যে । জাতীয় পতাকা গ্ৰহণ দিৱস পালন কৰাৰ আন এটা উদ্দেশ্যও আছে । সেয়া হ’ল ৰাইজক ভাৰতৰ পতাকাখনৰ গুৰুত্বৰ বিষয়ে সজাগ কৰি তোলাৰ উপৰি পতাকাখনৰ সৈতে জড়িত ইতিহাস সম্পৰ্কে জনোৱা । সকলোৱে ভাৰতৰ জাতীয় পতাকাখনক সন্মান জনাব লাগে । কিয়নো পতাকাখনে সমগ্ৰ দেশখনক প্ৰতিনিধিত্ব কৰে ।
ভাৰতৰ জাতীয় পতাকা গ্ৰহণ দিৱসৰ ইতিহাস :
পিংগালি ভেংকায়াই নক্সা তৈয়াৰ কৰা ভাৰতৰ জাতীয় পতাকাখনে প্ৰথমে ১৯৪৭ চনৰ ২২ জুলাইত অনুষ্ঠিত সংবিধান সভাৰ এক বৈঠকত অনুমোদন লাভ কৰিছিল । তেতিয়াৰে পৰা ২২ জুলাইৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে জাতীয় পতাকা গ্ৰহণ দিৱস পালন কৰা হয় । যেতিয়া সংবিধান সভাৰ বৈঠকত ভাৰত ৰাষ্ট্ৰৰ পতাকা হিচাপে পতাকাখনক স্বীকৃতি প্ৰদান কৰা হৈছিল তেতিয়াৰে পৰা বৰ্তমানৰ ভাৰতীয় জাতীয় পতাকাখন কাৰ্যকৰী হৈ উঠে ।
জাতীয় পতাকাৰ বিৱৰ্তন :
প্ৰথম পতাকা : তেতিয়াৰ কলিকতা আৰু বৰ্তমানৰ কলকাতাৰ পাৰ্চী বাগান স্কোৱেৰত (গ্ৰীন পাৰ্ক) ১৯০৬ চনৰ ৭ আগষ্টত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় বা জাতীয় পতাকা উত্তোলন কৰা হৈছিল বুলি কোৱা হয় । ৰঙা, হালধীয়া আৰু সেউজীয়া ৰঙেৰে আয়ত আকৃতিৰ এই পতাকাখন আছিল ।
দ্বিতীয় পতাকা : দ্বিতীয় পতাকাখনক কোৱা হয় সপ্তৰ্ষি পতাকা । ১৯০৭ চনৰ ২২ আগষ্টত আন্তঃৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছৰ ষ্টুটগ্ৰেটত এই পতাকাখন উত্তোলন কৰা হৈছিল বুলি জনা যায় ।
তৃতীয় পতাকা : আমাৰ স্বাধীনতা সংগ্ৰামে যেতিয়া গতি লাভ কৰিছিল তেতিয়াই ১৯১৭ চনত তৃতীয়খন পতাকা উত্তোলন কৰা হৈছিল । ডাঃ এনী বেচাণ্ট আৰু লোকমান্য তিলকে হোমৰুল আন্দোলনৰ সময়ত এই পতাকাখন উত্তোলন কৰিছিল । এই পতাকাখনত পাঁচটা ৰঙা স্তৰ আৰু চাৰিটা সেউজীয়া স্তৰ থকাৰ লগতে সপ্তৰ্ষিৰ দৰে প্ৰত্যেকতে সাতটা তৰা আছিল । বাওঁফালে ওপৰত আছিল ইউনিয়ন জেক । বগা ৰঙৰ এটা কাঁচীজোনৰ লগতে এটা কোণত তৰা এটাও আছিল ।
চতুৰ্থ পতাকা : অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ বিজয়ৱাড়াৰ বাসিন্দা আছিল শ্ৰী পিংগালি ভেংকায়া । তেওঁ প্ৰস্তুত কৰা ভাৰতৰ চতুৰ্থখন পতাকাত আছিল দুটা ৰং—ৰঙা আৰু সেউজীয়া । এই দুটা ৰঙে দেশৰ মূল দুটা ধৰ্মাৱলীম্বী লোকৰ সমাজক সূচাইছিল । সেয়া হ’ল হিন্দু আৰু মুছলমান । ভাৰতৰ আন সম্প্ৰদায়ৰ লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ আন এটা বগা অংশৰ লগতে প্ৰগতিক বুজাবলৈ এটা যতৰ সংযোজন কৰাৰ বাবে গান্ধীজীয়ে পৰামৰ্শ দিছিল ।
পঞ্চম পতাকা : ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ ইতিহাসত ১৯৩১ চনটো অবিস্মৰণীয় । এখন তিনিবৰণীয়া পতাকাক আমাৰ জাতীয় পতাকা হিচাপে গ্ৰহণ কৰি এক প্ৰস্তাৱ গৃহীত কৰা হয় । বৰ্তমানৰ পতাকাখনৰে প্ৰাৰম্ভিক ৰূপ এই পতাকাখনত আছিল গেৰুৱা, বগা আৰু সেউজীয়াৰ লগতে কেন্দ্ৰত মহাত্মা গান্ধীৰ যঁতৰটো । এই পতাকাখনৰ কোনো সাম্প্ৰাদিয়ক অৰ্থ নাই বুলি স্পষ্টকৈ ঘোষণা কৰা হৈছিল ।
বৰ্তমানৰ পতাকাখন :