নিউজ ডেস্ক, 21 অক্টোবৰঃ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস ৷ দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া দেশৰ আৰক্ষী বাহিনীৰ বীৰ শ্বহীদৰ স্মৃতিত প্ৰতিবছৰে 21 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় আৰক্ষী দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক কেন্দ্ৰীয়ভাৱে উদযাপন কৰা আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
লগতে পঢ়কঃ ভাৰতীয় সেনাৰ যোগ্য প্ৰত্যুত্তৰ পাকিস্তানী সেনাক
ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত উপস্থিত হৈ দেশ ৰক্ষাৰ নামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক সোঁৱৰণ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ আৰক্ষী স্মৃতি দিৱস উদযাপনক লৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইট কৰি সকলোকে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ভ্ৰমণ কৰিবলৈ আহ্বান জনায় ৷
উল্লেখ্য যে,1959 চনত ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লাডাখস্থিত হট স্পৃং অঞ্চলত চীনা সৈনিকৰ আক্ৰমণৰ বলি হৈছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী অৰ্থাৎ চি আৰ পি এফৰ এটি 20 জনীয়া দল ৷ চীনা সৈনিকৰ আক্ৰমণত দলটোৰ 10 গৰাকীকৈ বিষয়া তথা জোৱান শ্বহীদ হোৱাৰ লগতে 7 গৰাকীক কাৰায়ত্ত কৰিছিল যদিও পলাই আহিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত নৱেম্বৰ মাহৰ 28 তাৰিখত চীনা সৈনিকে 10গৰাকী চি আৰ পি এফৰ মৃতদেহ ভাৰতক ওভটাই দিছিল ৷ তাৰ পিচতে উক্ত স্থানতে সম্পূৰ্ণ আৰক্ষী সন্মানেৰে তেওঁলোকৰ মৃতদেহৰ সৎকাৰ কৰা হৈছিল ৷ তেতিয়াৰে পৰাই ভাৰতে 21 অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে উদযাপন কৰি আহিছে ৷