নিউজ ডেস্ক, 22 মাৰ্চঃ ভাৰতৰ মুখ্য ন্যায়ধীশ এছ.এ ববডে, এল নাগেশ্বৰ ৰাও আৰু সূৰ্য কান্ত প্ৰমুখ্যে উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে সকলো ৰাজ্যকে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি কাৰাবন্দী সকলৰ মুক্তিৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ জাৰি কৰে ৷
কৰ'ণা ভাইৰাছৰ সংক্ৰমণ আৰু কাৰাগাৰসমূহত মাত্ৰাধিক বন্দীৰ পয়োভৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কাৰাগাৰ সমূহত থকা বন্দীৰ সংখ্যা হ্ৰাস কৰিবলৈ এই নিৰ্দেশনা জাৰি কৰে ৷
উক্ত নিৰ্দেশনাত ন্যায়লয়ে ৰাজ্যসমূহক এখন উচ্চস্তৰীয় সমিতিৰ জৰিয়তে কাৰাবন্দী সকলৰ দোষ অনুসৰি শ্ৰেণী বিভাজন কৰি মুক্তিৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
উল্লেখ্য যে, মুখ্য ন্যায়ধীশ গৰাকীয়ে অধিকতম 7 বছৰ আৰু তাতকৈ কম সময়ৰ শাস্তি লাভ কৰা কয়দী সকলৰ জামিনৰ বিষয়ে বিচাৰ কৰা হ'ব বুলি উল্লেখ কৰে ৷
চ'লিছিচাৰ জেনেৰেল তুষাৰ মেহতাই তিহাৰ জেলৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপ অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ তুষাৰ মেহতাই কাৰাগাৰৰ চিকিৎসা বিষয়াসকলক নিৰ্দেশ দিয়ে যে, কাৰাগাৰত থকা কয়দীসকলৰ ভিতৰত যিসকল ৰোগী কয়দী, সেই সকলৰ বিষয়ে তৎকালীনভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰোপৰি কয়দীসকলক ফোনৰ মাধ্যমেৰে নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পতাৰ অনুমতি প্ৰদান কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে ৷
মুখ্য ন্যায়ধীশ ববডেয়ে শুনানি চলি থকা গোচৰ সমূহত ভিডিঅ' কন্ফাৰেন্সৰ জৰিয়তে শুনানি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে তেওঁ কাৰাগাৰ সমূহৰ কাৰাবন্দী সমূহক আন কাৰাগাৰলৈ স্থানান্তৰ কৰা প্ৰক্ৰিয়াও বন্ধ কৰিবলৈ পৰামৰ্শ দিয়ে ৷
উল্লেখ্য যে, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰতো 1000 বন্দী ৰখাৰ সুবিধা আছে যদিও বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে 1300 গৰাকী ৷
লগতে পঢ়কঃCovid-19: কেন্দ্ৰীয় চৰকাৰক প্ৰসংশা উচ্চতম ন্যায়ালয়ৰ