অসম

assam

ETV Bharat / bharat

ভাৰতক চিয়াচীন উপহাৰ দিয়া কৰ্ণেল নৰেন্দ্ৰ বুল কুমাৰৰ মৃত্যু - অপাৰেশ্বন মেঘদুত

বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচীন ৷ এই যুদ্ধক্ষেত্ৰখন ভাৰতে অধিগ্ৰহণ কৰাত মুখ্য ভূমিকা পালন কৰিছিল ভাৰতীয় স্থলসেনাৰ এগৰাকী বিষয়াই ৷ কৰ্ণেল নৰেন্দ্ৰ বুল কুমাৰে আছিল সেইগৰাকী ভাৰতীয় হিৰো যিয়ে স্থলসেনাক চিয়াচীন উপহাৰ দিছিল ৷

ভাৰতক চিয়াচীন উপহাৰ দিয়া কৰ্ণেল নৰেন্দ্ৰ বুল কুমাৰৰ মৃত্যু
ভাৰতক চিয়াচীন উপহাৰ দিয়া কৰ্ণেল নৰেন্দ্ৰ বুল কুমাৰৰ মৃত্যু

By

Published : Dec 31, 2020, 8:33 PM IST

নিউজ ডেস্ক, 31 ডিচেম্বৰ : দশকটোৰ অন্তিম দিনটোতে ভাৰতীয় সেনাৰ বাবে দুঃখবৰ ৷ 2020ৰ অন্তিম দিনটোত ভাৰতীয় সেনাই হেৰুৱালে এগৰাকী মহান যোদ্ধাক ৷ ভাৰতৰ বাবে সামৰিকভাৱে গুৰুত্বপূৰ্ণ তথা বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচীন গ্লেছিয়াৰ, এই চিয়াচীন ভাৰতীয় সেনাই দখলত অহাৰ আঁৰত আছিল এইগৰাকী বীৰ যোদ্ধাৰ দুৰ্দান্ত-সাহসিক অৱদান ৷ কৰ্ণেল নৰেন্দ্ৰ বুল কুমাৰে আছিল সেইগৰাকী ভাৰতীয় হিৰো যিয়ে স্থলসেনাক চিয়াচীন উপহাৰ দিছিল ৷ বৃহস্পতিবাৰে দিল্লীত থকা সেনাৰ আৰআৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী মহান যোদ্ধাই ৷

1933 চনত পাকিস্তানৰ ৰাৱাপিন্দিত জন্মগ্ৰহণ কৰিছিল এইগৰাকী নৰেন্দ্ৰ বুল কুমাৰে ৷ নৰেন্দ্ৰ বুল কুমাৰৰ সৰু ভায়েক মেজৰ কে আই কুমাৰো এগৰাকী পৰ্বতাৰোহী আছিল আৰু 1985 চনত এভাৰেষ্ট জয় কৰিছিল ৷ কিন্তু এভাৰেষ্ট জয় কৰি 8,500 মিটাৰ উচ্চতাত যোৱাৰ পিচতেই পিচলি পৰি মৃত্যু হৈছিল মেজৰ কুমাৰৰ ৷ দৰাচলতে নৰেন্দ্ৰ কুমাৰৰ নামৰ সৈতে জড়িত বুলৰ অন্তৰালত এক কাহিনী আছিল ৷ যেতিয়া দেৰাডুনস্থিত ৰাষ্ট্ৰীয় ৰক্ষা একাডেমি (এনডিএ)ত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল তেতিয়া তেওঁ ভাগ লৈছিল এখন বক্সিং খেলত ৷ এই খেলত তেওঁৰ প্ৰতিদ্বন্দী আছিল ভাৰতীয় স্থলসেনাৰ প্ৰাক্তন সেনাধ্যক্ষ জেন. এছ এফ ৰোড্ৰিগছ ৷ খেলত কুমাৰে পৰাজিত হৈছিল যদিও তেওঁ দেখুওৱা পৰাক্ৰমৰ বাবে তেওঁৰ নামৰ সৈতে সেনাই বুল উপাধি যোগ দিছিল আৰু তেতিয়াই পৰাই তেওঁ নৰেন্দ্ৰ কুমাৰ বুল হিচাপে জনাজাত হয় ৷

এগৰাকী সৈনিক হোৱাৰ সমান্তৰালকৈ নৰেন্দ্ৰ বুল কুমাৰ এগৰাকী পৰ্বতাৰোহীও আছিল ৷ ভাৰতীয় স্থলসেনাৰ বাবে তেওঁ 1978 চনত 46 বছৰ বয়সত টেৰাম কাংৰি, চিয়াচীন গ্লেচিয়াৰ আৰু চোলটোৰো ৰেঞ্জ আৰোহণ কৰিছিল ৷ এই আৰোহণৰ সময়তে ভাৰতীয় স্থলসেনাই চিয়াচীনক লৈ পাকিস্তানে কৰা অভিসন্ধিৰ বিষয়ে জ্ঞাত হৈছিল ৷ এয়া কোৱা হয় যে, যদিহে তেওঁ এই পৰ্বতাৰোহন অভিযান সম্পন্ন নকৰিলেহেতেন তেতিয়াহ’লে সমগ্ৰ চিয়াচীন পাকিস্তানৰ হাতলৈ গ’লহেতেন ৷ এই অভিযানকালতে কৰ্ণেল কুমাৰে প্ৰস্তুত কৰা আৰ্হি আৰু নক্সাৰ সহায়ত ভাৰতীয় স্থলসেনাই 1984 চনত অপাৰেশ্বন মেঘদুত আৰম্ভ কৰিছিল ৷ 1978 চনত কৰ্ণেল কুমাৰে সম্পন্ন কৰা অভিযানত তেওঁ পিৰ-পাঞ্জাল, হিমালয়, জানস্কাৰ, লাডাখ, চোলটোৰো, কাৰাকোৰাম আৰু আগিল ৰেঞ্জৰ মুঠ 10,000 বৰ্গ কিলোমিটাৰ পৰিভ্ৰমণ কৰিছিল ৷

কৰ্ণেল নৰেন্দ্ৰ বুল কুমাৰেই আছিল ভাৰতীয় স্থলসেনাৰ প্ৰথমগৰাকী বিষয়া যিয়ে চিয়াচীনত উপস্থিত হৈছিল ৷ কৰ্ণেল কুমাৰৰ নক্সা আৰু ভিডিঅ’ৰ সহযোগতেই ভাৰতীয় স্থলসেনাই 1984 চনৰ 13 এপ্ৰিলত পাকিস্তানৰ বিৰুদ্ধে চলাইছিল অপাৰেশ্বন মেঘদুত ৷

কুমাৰৰ অনুসন্ধিৎসুতাৰ আঁৰত আছিল এগৰাকী জাৰ্মান ব্যক্তি আৰু তেওঁ প্ৰদান কৰা এখন নক্সা ৷ 1977 চনত এগৰাকী জাৰ্মান ব্যক্তিয়ে নক্সাসহ নুব্ৰা নদীৰ উৎসৰ সন্ধান কৰিবলৈ তেওঁৰ ওচৰত আহি উপস্থিত হৈছিল ৷ উক্ত নক্সাত এনজে9842 পইন্টৰ পৰা কাৰাকোৰাম পাছক সংযোগ কৰা এডাল অসংযত ৰেখা স্পষ্টভাৱে অঁকা আছিল আৰু এই ৰেখাডালে উক্ত অঞ্চলটো পাকিস্তানৰ অন্তৰ্ভুক্ত দেখাইছিল ৷ ইয়াতেই সন্দেহ উপজাত কৰ্ণেল কুমাৰে ততালিকে সেইসময়ৰ মিলিটাৰী অপাৰেশ্বনৰ মহানিৰ্দেশক লেফ. জেন. এম এল ছিব্বাৰক দেখা কৰি উক্ত অঞ্চলটো নিজেই অভিযান চলাবলৈ অনুৰোধ বিচাৰিছিল ৷ 1978ৰ জানুৱাৰীত কুমাৰে কৰা আহ্বানৰ পিচতেই লেফ. জেন. ছিব্বাৰে কৰ্ণেল কুমাৰত এই অভিযান চলাবলৈ অনুমতি দিছিল আৰু ইয়াৰ পিচতেই আৰম্ভ হৈছিল চিয়াচীনৰ অপ্ৰতিৰোধ্য যাত্ৰা ৷

কৰ্ণেল কুমাৰ আৰু তেওঁৰ দলে গ্লেচিয়াৰ স্নাউতত উপস্থিত হৈ প্ৰায় 77 কিলোমিটাৰ খোজকাঢ়ি উক্ত ৰেখাৰ উৎসত উপস্থিত হৈছিল আৰু তাৰপৰাই চিয়াচীনৰ যাত্ৰা আৰম্ভ কৰিছিল ৷ যিসময়ত কৰ্ণেল কুমাৰে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল সেই সময়ত পৰ্বতাৰোহন কৰিবলৈ ভাৰতীয় সেনাৰ হাতত মজুত নাছিল কোনো উন্নত সঁজুলি, যাৰ বাবে কমসংখ্যক সৰঞ্জাম লৈয়ে কুমাৰে এই যাত্ৰাত ভাগ লৈছিল ৷ কিন্তু কৰ্ণেল কুমাৰৰ সন্দেহ স্পষ্ট হৈছিল যেতিয়াই তেওঁ ছিয়া কাংৰি শৃংগত এটা জাপানী পৰ্বতাৰোহী দলক পাকিস্তানী সেনাই সম্বৰ্ধনা জনোৱা নিজেই চাক্ষুসভাৱে প্ৰত্যক্ষ কৰিছিল ৷ ইয়াৰ পিচতেই কৰ্ণেলে মুখ্যালয়ক সমগ্ৰ প্ৰতিবেদন দাখিল কৰিছিল আৰু সমগ্ৰ অভিযানটোত কৰ্ণেলক সহায় কৰিছিল ভাৰতীয় বায়ুসেনাই ৷ সাধাৰণতে ভাৰতীয় বায়ুসেনাই সকলো অভিযানৰ তথ্য প্ৰদান নকৰে যদিও কৰ্ণেল কুমাৰৰ এই অভিযান সেই সময়ৰ সৰ্বাধিক প্ৰচলিত The Ilustrated Weekly নামে এখন আলোচনীত বিস্তৃতভাৱে প্ৰকাশ পাইছিল ৷

1981 চনৰ এপ্ৰিলত লগত 70 জনীয়া দল লৈ কৰ্ণেলে পুনৰ চিয়াচীন যাত্ৰা আৰম্ভ কৰে ৷ প্ৰায় 50,000 টকাৰ বাজেট লাভ কৰা এই অভিযানত কোনো সাহাৰ্য্য অবিহনেই কুমাৰে অসাধ্য সিদ্ধি কৰি নিজকে প্ৰমাণ কৰিছিল ৷ 11,946 ফুটৰ পৰা আৰম্ভ কৰা এই যাত্ৰা 18,910 ফুটৰ চোলটোৰো ৰিজত গৈ সমাপ্ত হৈছিল আৰু কৰ্ণেল কুমাৰ বিশ্বৰ প্ৰথমগৰাকী ব্যক্তিত পৰিনত হৈছিল যিয়ে চিয়াচীন আৰোহন কৰিবলৈ সক্ষম হৈছিল ৷ পাকিস্তানৰ গতিবিধি ৰোধ কৰিবলৈ 1984 চনলৈ কৰ্ণেল কুমাৰে তেওঁ অভিযান চলাই গৈছিল আৰু এই অভিযানৰ সময়তে অতিশয় ঠাণ্ডাৰ ফলত হোৱা ফ্ৰষ্টবাইটৰ ফলত তেওঁ চাৰিটাকৈ আঙুলি হেৰুৱাবলগীয়া হৈছিল ৷

কুমাৰৰ অভিযানৰ পিচতেই সেনা চোৰাংচোৱাই লাভ কৰা তথ্যৰ ভিত্তিত গম পোৱা গৈছিল যে, পাকিস্তানী সেনাই চিয়াচীন দখল কৰিবলৈ অভিযান আৰম্ভ কৰিছে আৰু ইতিমধ্যে আহি চোলটোৰো ৰিজ দখল কৰিছিল ৷ কিন্তু পাকিস্তানী সেনাৰ সকলো পৰিকল্পনা ওফৰাই দি কৰ্ণেল কুমাৰে প্ৰস্তুত কৰা নক্সা আৰু ভিডিঅ’ৰ সহায়ত কুমাও ৰেজিমেন্টৰ চতুৰ্থ বাহিনীয়ে আৰম্ভ কৰিছিল অপাৰেশ্বন মেঘদুত, যাৰ পিচতেই ভাৰতীয় সেনাক সমীহ কৰি চলিবলৈ বাধ্য হৈছিল বিশ্বৰ আগশাৰীৰ শক্তিশালী দেশসমূহ ৷ 13 এপ্ৰিলত কুমাওৰ যোদ্ধাসকলে চিয়া লা আৰু গাং লা দখল কৰিবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী সময়ত চোলটোৰে ৰিজ দখল কৰিছিল ৷ 7.62 ৰাইফলৰ সহায়ত ভাৰতীয় সেনাই প্ৰমাণ কৰি দিছিল নিজৰ শক্তি ৷

নিজৰ দক্ষতাৰ বলতেই কৰ্ণেল কুমাৰে লাভ কৰিছিল পৰম বিশিষ্ট সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল, কীৰ্তি চক্ৰ ৷ 1965 চনত কুমাৰে লাভ কৰিছিল ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী ৷ তেওঁৰ সেনালৈ আগবঢ়োৱা অৱদানৰ বাবে চিয়াচীন বেটালিয়ন মুখ্যালয়ৰ গ্লেছিয়াৰ বেছ কেম্পটো তেওঁৰ নামত উৎসৰ্গিত কৰে স্থলসেনাই ৷

ভাৰতীয় সেনাই এই মহান সাহসিকতাৰ অন্তৰালত থকা ব্যক্তিগৰাকীয়ে আছিল কৰ্ণেল নৰেন্দ্ৰ বুল কুমাৰ ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত দশকটোৰ অন্তিম দিনটোতে চিৰবিদায় মাগে এইগৰাকী মহান সৈনিকে ৷

ABOUT THE AUTHOR

...view details