নিউজ ডেস্ক, ৯ মে' : হিজবুল মুজাহিদীনৰ প্ৰধান ৰিয়াজ নাইকুৰ নিধনৰ পিচতে আৰোপ কৰা নিষেধাজ্ঞা অব্যাহত আছে । কাশ্মীৰত এই নিষেধাজ্ঞা অব্যাহত থকাৰ লগতে কেতবোৰ শান্তিপূৰ্ণ স্থানত ইয়াক শিথিল কৰি দিয়া হৈছে । বিগত বুধবাৰে সেনা আৰু নিৰাপত্তা বাহিনীৰ গুলিত নিহত হৈছিল পোষ্টাৰ বয়, তথা হিজবুল মুজাহিদীনৰ প্ৰধান ৰিয়াজ নাইকু । নাইকুক নিধন কৰাৰ পিচত উদ্ভৱ হ'ব পৰা সম্ভাৱ্য পৰিস্থিতিলৈ লক্ষ্য ৰাখি কাশ্মীৰত কেতবোৰ বিশেষ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । আজি চতুৰ্থদিনাও এই নিষেধাজ্ঞা অব্যাহত আছে ।
নাইকু নিহতৰ চাৰিদিন পিচটো জম্মু-কাশ্মীৰত অব্যাহত নিষেধাজ্ঞা - ৰিয়াজ নাইকু
হিজবুল মুজাহিদীনৰ প্ৰধান ৰিয়াজ নাইকুক নিৰাপত্তা বাহিনীয়ে গুলিয়াই নিধন কৰাৰ পিচত আৰোপ কৰা নিষেধাজ্ঞা এতিয়াও অব্যাহত আছে । কাশ্মীৰত কিছুসংখ্যক স্থানত ইয়াক শিথিল কৰি দিয়াৰ লগতে বাকীস্থানত ই অব্যাহত আছে ।
জম্মু-কাশ্মীৰত অব্যাহত নিষেধাজ্ঞা
চৰকাৰে আৰোপ কৰা লকডাউনৰ মাজতে নাইকু আৰু হিজবুল মুজাহিদীনৰ সদস্যক গুলিয়াই নিধন কৰিছিল সেনা তথা নিৰাপত্তা বাহিনীয়ে । হান্দৱাৰা সংঘৰ্ষত সেনাৰ এগৰাকী কৰ্ণেল আৰু মেজৰ শ্বহীদ হোৱাৰ পিচতে সেনাই নিধন কৰিছিল ৰিয়াজ নাইকুক । পুলৱামা জিলাৰ অৱন্তিপুৰাৰ বেইগপোৰাস্থিত নিজৰ পিতৃগাঁৱতে সেনাই নিধন কৰিছিল ৰিয়াজ নাইকুক ।