নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ : গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক নিশ্চিতি প্ৰদান কৰিছে যে, প্ৰস্তাৱিত 'নগা চুক্তি'ত অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু অসমৰ ভৌগোলিক অখণ্ডতাৰ সৈতে কোনো আপোচ কৰা নহ'ব ৷
আনহাতে, চৰকাৰী এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, খ্ৰীষ্টমাছৰ পূৰ্বে বহু প্ৰতিক্ষিত নগা চুক্তি ঘোষণা কৰা হ'ব ৷
অৰুণাচল প্ৰদেশৰ লোকসভা সাংসদ তাপিৰ গাৱে মন্তব্য কৰে, "নগা চুক্তিত অৰুণাচল প্ৰদেশৰ ভৌগোলিক অখণ্ডতাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰা হ'ব বুলি সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী পেমা খাণ্ডুক আশ্বাস প্ৰদান কৰিছে ৷"
তাপিৰ গাৱে লগতে কয় যে, এই তিনিখন ৰাজ্যৰ জনসাধাৰণৰ অনুভূতি আৰু আৱেগৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি শ্বাহে নিশ্চিতি প্ৰদান কৰিছে৷
ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজেপি সাংসদগৰাকীয়ে কয়, "ভৌগোলিক অখণ্ডতাৰ সৈতে আপোচ কৰা নহ'ব বুলি অসম আৰু মনিপুৰৰ মুখ্যমন্ত্ৰীয়েও শ্বাহক জানিবলৈ দিছে ৷"
উল্লেখ্য যে, 'নগা চুক্তি'ৰ ফলত এই তিনি ৰাজ্যত প্ৰভাৱ পৰাৰ আশংকাত ৰাজ্যকেইখনত কিছু সপ্তাহ ধৰি তীব্ৰ বিক্ষোভ চলি আহিছে ৷