নিউজ ডেস্ক, 10 জানুৱাৰী :আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে সোমবাৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ তেওঁ অসমত উপস্থিত হৈয়ে শিলচৰত এখন ৰাজহুৱা সমদলত অংশগ্ৰহণ কৰিব ৷ বিজেপি দলৰ শীৰ্ষ নেতাই দেওবাৰে সদৰি কৰে এই কথা । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন ৰাজহুৱা সভা সম্বোধন কৰাৰ পাছত দলৰ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিব । সভাখনত জে পি নাড্ডাৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব আৰু সভাখন সম্বোধন কৰিব ৷
আনহাতে, মঙলবাৰে নাড্ডা দিল্লীলৈ উভতি যোৱাৰ আগতে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিব । উল্লেখ্য যে, বিজেপিৰ সভাপতিগৰাকীয়ে শনিবাৰে পশ্চিমবংগত বিভিন্ন দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল । ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে বিজেপিয়ে বিগত কেইবছৰত অসমৰ বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত ৰাজনৈতিক ভেটি গঢ়ি তুলিছে ৷ ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বৰাক উপত্যকাৰ ১৫ খন আসনৰ ভিতৰত ৯ খন আসন লাভ কৰিছিল ।