অসম

assam

ETV Bharat / bharat

NADA ৰ প্ৰথমটো ম'বাইল এপ মুকলি - তথ্য যোগান কেন্দ্ৰ

কোভিড-১৯ ৰ সন্ত্ৰাসৰ মাজতে মংগলবাৰে কেন্দ্ৰীয় খেলমন্ত্ৰী কিৰণ ৰিজিজুৱে ভাৰতীয় এন্টি ডোপিং এজেঞ্চি চমুকৈ NADA ৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে ম'বাইল এপ প্ৰস্তুত কৰি উলিয়াইছে । এই এপটোৰ লক্ষ্য হ'ল ক্ৰীয়াবিদ আৰু ভাৰতীয় এন্টি ডোপিং এজেঞ্চিৰ সহায়ত খেল সম্বন্ধীয় সকলো তথ্য যোগান ধৰা ।

nada-launches-its-first-mobile-phone-app
nada-launches-its-first-mobile-phone-app

By

Published : Jun 30, 2020, 9:36 PM IST

নিউজ ডেস্ক, ৩০ জুন :কোভিড-১৯ ৰ সন্ত্ৰাসৰ মাজতে মংগলবাৰে কেন্দ্ৰীয় খেলমন্ত্ৰী কিৰণ ৰিজিজুৱে ভাৰতীয় এন্টি ডোপিং এজেঞ্চি চমুকৈ NADA ৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে ম'বাইল এপ প্ৰস্তুত কৰি উলিয়াইছে । এই এপটিৰ লক্ষ্য হ'ল ক্ৰীয়াবিদ আৰু ভাৰতীয় এন্টি ডোপিং এজেঞ্চিৰ সহায়ত খেল সম্বন্ধীয় সকলো তথ্য যোগান ধৰা ।

NADA ৰ প্ৰথম মোবাইল ফোন এপছ মুকলি

খেলমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, মই NADA ক এই কামৰ বাবে অভিনন্দন আৰু ধন্যবাদ জনাইছো । লগতে ভাৰতীয় খেলৰ বাবে এই এপটি মহত্বপূৰ্ণ অৱদান বুলি উল্লেখ কৰে । লগতে এই এপৰ জৰিয়তে খেল সম্বন্ধীয় সকলো নিষিদ্ধ সামগ্ৰীৰ তথ্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হয় ।

যাৰ জৰিয়তে খেলুৱৈ সকলে কি খাব লাগে আৰু কি খাব নালাগে সেই সম্পৰ্কত তথ্য লাভ কৰিব পাৰিব । এই এপৰ জৰিয়তে খেলুৱৈ সকলে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ নিজেই সকলো তথ্য লাভ কৰিব পাৰিব বুলি উল্লেখ কৰে । লগতে এই এপটিৰ মুকলি কৰাৰ পিচতে প্ৰধানমন্ত্ৰীৰ ডিজিটেল ভাৰতৰ সপোন আৰু এখোজ আগুৱাই যোৱা বুলি উল্লেখ কৰে । লগতে এই এপে খেলুৱৈ সকলৰ স্বাস্থ্য সম্পৰ্কটো বহু ধৰণৰ সতৰ্কতা আনিব বুলি খেল মন্ত্ৰীয়ে জানিবলৈ দিয়ে ।

NADA ৰ প্ৰথম মোবাইল ফোন এপছ মুকলি

উল্লেখ্য যে, এই উদ্ধোধনী অনুষ্ঠানত ক্ৰীয়া সম্পাদক ৰবি মিত্ৰাল আৰু NADA ৰ মহা পৰিচালক নবীন আগৰাৱলো উপস্থিত থাকে ।

লগতে পঢ়ক : কোভিড-১৯ ৰ টীকা সকলোৰে বাবে সাৰ্বজনীন হ'ব লাগেঃ প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details