অসম

assam

ETV Bharat / bharat

মোৰ স্বামী সেনাৰ পোচাক পৰিধান কৰাৰ যোগ্য : পল্লবী শৰ্মা - কৰ্নেল আশুতোষ শৰ্মা

শ্বহীদ কৰ্নেল আশুতোষ শৰ্মাৰ পত্নী পল্লবী শৰ্মাৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ ৷ স্বামীৰ সাহসিকতা সম্পৰ্কত প্ৰদান কৰিলে বিভিন্ন তথ্য ৷

পল্লবী শৰ্মাৰ মন্তব্য
শ্বহীদ কৰ্নেল আশুতোষ শৰ্মা

By

Published : May 4, 2020, 10:56 PM IST

নেশ্য়নেল ডেস্ক, 4 মে' : কৰ্নেল আশুতোষ শৰ্মাৰ পত্নী পল্লবী শৰ্মাই মন্তব্য কৰে যে, স্বামীৰ ত্যাগে প্ৰমাণ কৰিলে যে, তেওঁ ভাৰতীয় সেনা বাহিনীৰ পোচাক পৰিধান কৰাৰ যোগ্য আছিল ৷

কাশ্মীৰৰ হিন্দৱাৰাত 3 মে'ত সন্ত্ৰাসবাদীৰ সৈতে যুঁজত শ্বহীদ হোৱা আশুতোষ শৰ্মাৰ পত্নীয়ে ইটিভি ভাৰতক কয়, "দেশক সেৱা কৰা আৰু ভাৰতীয় সেনা বাহিনীৰ পোচাক পৰিধান কৰা তেওঁৰ সপোন আছিল ৷ এই পোচাকযোৰৰ বাবে তেওঁ বহু কষ্ট স্বীকাৰ কৰিছে ৷ 20 বছৰৰ সেৱাকালত তেওঁ প্ৰতিবাৰেই নিজক প্ৰমাণ কৰিছে ৷ এইবাৰো তেওঁ প্ৰমাণ কৰিছে যে, সেনাৰ পোচাক পৰিধানৰ তেওঁ যোগ্য আছিল ৷"

পল্লবী শৰ্মাৰ মন্তব্য

তেওঁ এই ঘটনাৰ পূৰ্বানুমান কৰিছিল নেকি বুলি সোধাত পল্লবীয়ে কয়, "মই যেতিয়া তেওঁৰ সৈতে বহু সময়ৰ বাবে যোগাযোগ স্থাপন কৰিব পৰা নাছিলো, তেতিয়া কিবা অঘটন হৈছিল বুলি চিন্তিত হৈছিলো ৷ পুৱা 9 বজাত মই তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰিলো ৷"

স্বামী সম্পৰ্কত পল্লবীয়ে কয়, "কৰ্নেল শৰ্মাই সদায় নেতৃত্ব প্ৰদান কৰি ভাল পায় ৷ নিজৰ কথা চিন্তা কৰাৰ পূৰ্বে তেওঁ নিজৰ জোৱানসকলৰ সুৰক্ষাক লৈ সদায় দায়বদ্ধ ৷"

16 বছৰ পূৰ্বে আশুতোষ শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা পল্লবীয়ে কয়, "মই সদায় চিন্তিত আছিলো যে, এনেকুৱা ঘটনা সংঘটিত হ'ব ৷ ইয়াৰ পূৰ্বেও তেওঁ এনে অভিযান সম্পূৰ্ণ কৰিছে কিন্তু এইবাৰ সকলো পৃথক আছিল ৷"

কৰ্নেল শৰ্মা সম্পৰ্কত তেওঁৰ জ্যেষ্ঠ ভাতৃ পিয়ুষে কয়, "আশুতোষে সেনাবাহিনীত যোগদানৰ বাবে অশেষ চেষ্টা কৰিছিল আৰু 13 সংখ্য়ক প্ৰয়াসত সফল হৈছিল ৷"

উল্লেখ্য যে, আশুতোষ শৰ্মা ভাৰতীয় সেনাৰ 21 সংখ্যক ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটৰ কৰ্নেল আছিল ৷ দুবাৰকৈ তেওঁ সাহসিকতাৰ বাবে সন্ত্ৰাসবাদী নিৰ্মূল মিছনৰ গেলান্ট্ৰী মেডেল লাভ কৰিছিল ৷ ইয়াৰোপৰি, সন্ত্ৰাসবাদীৰে সৈতে যুঁজত যোৱা পাঁচ বছৰত মৃত্যুবৰণ কৰা প্ৰথমজন কমাণ্ডিং অফিচাৰ অথবা কৰ্নেল ৰেংকৰ সেনা বিষয়া হিচাপে চিহ্নিত হৈছে আশুতোষ শৰ্মা ৷

এক সন্ত্ৰাসবাদীয়ে কাপোৰৰ তলত গ্ৰেনেড লুকুৱাই গৈ থকাৰ সময়তে শৰ্মাই সন্ত্ৰাসবাদীজনক গুলীয়াই হত্যা কৰাৰ লগতে নিজৰ দল আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ প্ৰাণ ৰক্ষা কৰিছিল ৷ সেয়েহে কমাণ্ডিং অফিচাৰ হিচাপে গেলান্ট্ৰী মেডেল লাভ কৰিছিল আশুতোষ শৰ্মাই ৷

তেওঁৰ উপৰি হিন্দৱাৰা অভিযানত মেজৰ অনুজ চুড, নায়ক ৰাজেষ আৰু লেঞ্চনায়ক দিনেশে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰোপৰি, দুজনকৈ সন্ত্ৰাসবাদীও হিন্দৱাৰাত নিহত হৈছিল ৷

ABOUT THE AUTHOR

...view details