নিউজ ডেস্ক, 22 ডিচেম্বৰ: পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ মুছলমান সম্প্ৰদায়ৰ লোকসকল ভাৰতৰ বাদেও বিশ্বৰ মুঠ 150 খন ৰাষ্ট্ৰলৈ যাব পাৰিব ৷ কিন্তু বিভাজিত হৈ অন্য দেশত আশ্ৰয় লোৱা সংখ্যাসঘূসকল ভাৰতলৈ অহাৰ বাদে উপায় নাই ৷ নাগপুৰত দেওবাৰে নাগৰিকত্ব সংশোধনী আইনখনৰ সমৰ্থন কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে ৷
পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত ধৰ্মৰ নামত উৎপীড়নৰ বলি হৈছে সংখ্যালঘূসকল: নিতিন গাডকাৰী - নিতিন গাডকাৰী
পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ মুছলমান সম্প্ৰদায়ৰ লোকসকল ভাৰতৰ বাদেও বিশ্বৰ মুঠ 150 খন ৰাষ্ট্ৰলৈ যাব পাৰিব৷ কিন্তু বিভাজিত হৈ অন্য দেশত আশ্ৰয় লোৱা সংখ্যাসঘূসকল ভাৰতলৈ অহাৰ বাদে উপায় নাই৷ নাগপুৰত দেওবাৰে নাগৰিকত্ব সংশোধনী আইনখনৰ সমৰ্থন কৰি এই মন্তব্য কৰে পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে৷
![পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত ধৰ্মৰ নামত উৎপীড়নৰ বলি হৈছে সংখ্যালঘূসকল: নিতিন গাডকাৰী পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত ধৰ্মৰ নামত উৎপীড়নৰ বলি হৈছে সংখ্যালঘূসকল: নিতিন গাডকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5457471-thumbnail-3x2-nitin.jpg)
'এই তিনিওখন ৰাষ্ট্ৰৰ পৰা অহা মুছলমান সম্প্ৰদায়ৰ লোকসকল যেতিয়া শৰনাৰ্থী নহয়, হিন্দু, জৈন, পাৰ্চী, শিখ আৰু খ্ৰীষ্টীয়ান লোকসকল কিদৰে শৰণাৰ্থী হ'ল ?' বুলিও প্ৰশ্ন উত্থাপিত কৰে মন্ত্ৰীগৰাকীয়ে ৷ সংখ্যালঘু হিন্দু আৰু আন সম্প্ৰদায়ৰ লোকসকলে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত উৎপীৰণৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ তেওঁলোকৰ ওপৰত নানা অত্যাচাৰ চলোৱা হয়, হত্যা-ধৰ্ষণ-লুণ্ঠণৰ বলি হৈছে এই সংখ্যালঘু লোকসকল ৷ ইয়াৰ উপৰিও বলপূৰ্বকভাৱে তেওঁলোকক ধৰ্মান্তৰ কৰা হয় বুলিও কয় পৰিবহণ মন্ত্ৰীগৰাকীয়ে ৷ সেয়েহে ভাৰতলৈ অহাৰ বাদে তেওঁলোকৰ সন্মুখত আন একো উপায় নাই ৷
পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলি হৈ 2014 চনৰ 31 ডিচেম্বৰৰ আগতে ভাৰতলৈ শৰণাৰ্থী হিচাপে অহা হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী, জৈন আৰু খ্ৰীষ্টীয়ান ধৰ্মীয় লোকসকলক এই আইনখনৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷