অসম

assam

ETV Bharat / bharat

তেলেংগানা সচিবালয় চৌহদৰ মছজিদ ভঙাক লৈ মুছলমান নেতাৰ হুংকাৰ - তেলেংগানা সচিবালয় চৌহদৰ মছজিদ ভঙাক লৈ মুছলমান নেতাৰ হুংকাৰ

তেলেংগানাৰ পুৰণি সচিবালয়ৰ ভিতৰত থকা দুটাকৈ মছজিদ ভঙাৰ বিৰোধিতাৰে বহুকেইটা মুছলমান সংগঠনে হুংকাৰ দিয়াৰ লগতে শীঘ্ৰেই মছজিদ দুটাৰ পুনৰ নিৰ্মাণৰো দাবী উত্থাপন কৰিছে । সংগঠন কেইটাৰ মতে, দুটাকৈ মছজিদ ভাঙি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে মুছলমান সমাজৰ প্ৰতি থকা বিশ্বাসক আঘাত দিছে, যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজকে এজন ধৰ্ম নিৰপেক্ষ বুলি কৈ আহিছিল ।

Muslim leaders threaten protest over razed mosques in Telangana secretariat
তেলেংগানা সচিবালয় চৌহদত থকা মছজিদ ভঙাৰ সন্দৰ্ভত মুছলমান নেতাৰ হুংকাৰ

By

Published : Jul 10, 2020, 10:31 PM IST

নিউজ ডেস্ক, ১০জুলাই: তেলেংগানাৰ পুৰণি সচিবালয়ৰ ভিতৰত থকা দুটাকৈ মছজিদ ভঙাৰ বিৰোধিতাৰে বহুকেইটা মুছলমান সংগঠনে হুংকাৰ দিয়াৰ লগতে, শীঘ্ৰেই মছজিদ দুটাৰ পুনৰ নিৰ্মাণৰো দাবী তুলিলে । সংগঠন সমূহৰ মতে দুটাকৈ মছজিদ ভাঙি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে মুছলমান সমাজৰ প্ৰতি থকা বিশ্বাসক আঘাত হানিছে, যি গৰাকী মুখ্যমন্ত্ৰীয়ে নিজকে এজন ধৰ্ম নিৰপেক্ষ বুলি কৈ আহিছিল ।

AIMIMৰ অধ্যক্ষ আচাদুদ্দিন অৱেচিকে ধৰি মুছলমান সম্প্ৰদায়ৰ ধৰ্মগুৰু, বিভিন্ন মুছলমান সংগঠনৰ নেতাসকলে হাইদৰাবাদৰ পুৰণি বিধানসভা সচিবালয়ৰ চৌহদত থকা মছজিদ দুটা ভঙা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মছজিদ দুটা পুনৰ নিৰ্মাণৰো দাবী কৰিছে । নেতা সকলৰ মতে দুয়োটা মছজিদেই (মছজিদ এ হাচমি আৰু সচিবালয় মছজিদ) ৱাকফ ব'ৰ্ড আৰু চৰকাৰী অধিসূচনাত অন্তৰ্ভূক্ত আছিল ।

ইয়াৰ মাজতে কংগ্ৰেছ নেতা তথা ৰাজশেখৰ ৰেড্ডী মন্ত্ৰী পৰিষদৰো এগৰাকী প্ৰাক্তন মন্ত্ৰী মঃ আলি চব্বিৰে কলে, টি আৰ এচ চৰকাৰে দুটাকৈ মছজিদ আৰু এটা মন্দিৰ ভাঙি হিন্দু আৰু মুছলমান সমাজৰ আৱেগত আঘাত হানিছে । তেখেতে ২০১৯ বৰ্ষৰ ২৭ জুনত এখন লিখিত আবেদনেৰে এই পূজাস্থলী সমূহক নাভাঙিবৰ বাবেও আহ্বান জনাইছিল ।

লগতে পঢ়কঃকৰ'ণা ভাইৰাছত আক্ৰান্ত তামিলনাডুৰ মন্ত্ৰী

ABOUT THE AUTHOR

...view details