দিল্লী,২৪ জুলাই: দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ সন্মানাৰ্থে সংগ্ৰহালয় তৈয়াৰ কৰাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ এক পুথি উন্মোচন সভাত অংশগ্ৰহণ কৰি এই ঘোষণা কৰে মোডীয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ জীৱনৰ নানা দিশৰ বিষয়ে জনাবৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনোৱা হয় ৷
প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সোঁৱৰণত নিৰ্মাণ হ'ব মিউজিয়াম
ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ সন্মানাৰ্থে বনোৱা হ'ব সংগ্ৰহালয় । বুধবাৰে এই ঘোষণা কৰে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
মোডীয়ে কয় যে, 'প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে জানিবৰ বাবে তেওঁৰ পৰিয়ালৰ লোকে আমন্ত্ৰণ জনায় মোক।' এই অনুষ্ঠানত উপস্থিত থাকে আই কে গুজৰাল,চৰণ সিং,দেৱগৌড়া আৰু মনমোহন সিঙৰ পৰিয়ালবৰ্গও ।
ইয়াৰ পূৰ্বে দিল্লীৰ তিনমূৰ্তি ভৱন কমপ্লেক্সত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ সংগ্ৰহালয় নিৰ্মাণ কৰাৰ কথা জনায় জৱাহৰলাল নেহেৰু মেম'ৰিয়েলৰ তৰফৰ পৰা । তিনিমূৰ্তি ভৱন আছিল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ চৰকাৰী আৱাস । তেওঁৰ স্মৃতিত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত স্বশাসিত সংস্থা হিচাপে স্থাপন কৰা হয় এই মেম'ৰিয়েলটো ।