অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী লেঃ গৰ্ৱনৰ গিৰিশ চন্দ্ৰ মুৰমু - First governor of Jamnu and Kashmir

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী লেঃ গৰ্ৱনৰ ৰূপে শপত গ্ৰহণ কৰে গিৰিশ চন্দ্ৰ মুৰমুৱে ৷ জম্মু-কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গীতা মিট্টলে শপত বাক্য পাঠ কৰাই মুৰমুক ৷

গিৰিশ চন্দ্ৰ মুৰমুৰ শপত গ্ৰহণ

By

Published : Oct 31, 2019, 5:02 PM IST

Updated : Oct 31, 2019, 6:47 PM IST

নিউজ ডেস্ক, 31 অক্টোবৰঃ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী লেঃ গৰ্ৱনৰ ৰূপে শপত গ্ৰহণ কৰে গিৰিশ চন্দ্ৰ মুৰমুৱে ৷ জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাচতেই প্ৰথমগৰাকী লেঃ গৰ্ৱনৰ ৰূপে শপত গ্ৰহণ কৰে গিৰিশ চন্দ্ৰ মুৰমুৱে৷ জম্মু-কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গীতা মিট্টলে শপত বাক্য পাঠ কৰাই মুৰমুক ৷

জম্মু-কাশ্মীৰ ৰাজভৱনত মুখ্য ন্যায়াধীশ গীতা মিট্টলৰ উপস্থিতিত আগন্তুক পাঁচ বছৰৰ বাবে শপত বাক্য পাঠ কৰে গিৰিশ চন্দ্ৰ মুৰমুৱে ৷

উল্লেখ্য যে, মুৰমু 1985 চনৰ গুজৰাট কেডাৰৰ ভাৰতীয় প্ৰশাসনিক বিষয়া আছিল ৷ শপত গ্ৰহণ অনুষ্ঠানত বিজেপি নেতা যুগল কিশোৰ, ৰাজ্যসভাৰ সাংসদ তথা পি ডি পি নেতা নাজিৰ লাৱে উপস্থিত আছিল ৷

Last Updated : Oct 31, 2019, 6:47 PM IST

ABOUT THE AUTHOR

...view details