অসম

assam

By

Published : Nov 28, 2020, 10:59 AM IST

ETV Bharat / bharat

মুম্কিন: যুৱ প্ৰজন্মৰ বিকাশৰ বাবে জম্মু-কাশ্মীৰত নতুন আঁচনি

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই গ্ৰামাঞ্চলৰ যুৱ প্ৰজন্মৰ বিকাশৰ বাবে কেন্দ্ৰীয় শাসিত ৰাজ্যখনত এক নতুন আঁচনি মুকলি কৰে ৷ অশোক লিলেণ্ডৰ সৈতে যুটীয়াভাৱে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ প্ৰশাসনে পৰিবহণ ক্ষেত্ৰৰ উপযোগীকৈ মুমকিন আঁচনিখন মুকলি কৰে ৷ এই আঁচনিৰ অধীনত যুৱ প্ৰজন্মক স্থায়ী সংস্থাপন দিয়াৰো চিন্তা-চৰ্চা কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ বিকাশ সাধন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই আঁচনি মুকলি কৰা হৈছে ৷

Youth livelihood programme launched in Jammu and Kashmir
যুৱ প্ৰজন্মৰ বিকাশৰ বাবে জম্মু-কাশ্মীৰত নতুন আঁচনি

জম্মু,28 নৱেম্বৰ: জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই গ্ৰামাঞ্চলৰ যুৱ প্ৰজন্মৰ বিকাশৰ বাবে শুকুৰবাৰে এক নতুন আঁচনি মুকলি কৰে ৷ এই আঁচনিৰ অধীনত 10 গৰাকী নৱ প্ৰজন্মৰ প্ৰতিনিধিৰ মাজত বিতৰণ কৰা হ’ব ৰাজ সাহায্য যুক্ত লঘূ বাণিজ্যিক বাহন ৷ উপ ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, অশোক লিলেণ্ডৰ সৈতে যুটীয়াভাৱে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ প্ৰশাসনে পৰিবহণ ক্ষেত্ৰৰ উপযোগীকৈ মুমকিন আঁচনিখন মুকলি কৰে ৷ এই আঁচনিৰ অধীনত যুৱ প্ৰজন্মক স্থায়ী সংস্থাপন দিয়াৰো চিন্তা-চৰ্চা কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ বিকাশ সাধন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই আঁচনি মুকলি কৰা হৈছে ৷

এই আঁচনিৰ সহায়ত কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ সামাজিক-আৰ্থিক পৰিস্থিতি উন্নত কৰা,স্ব-ৰোজগাৰ,দৰিদ্ৰ অৱস্থাৰ উন্নীতকৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ সেয়ে ৰাজ সাহায্যযুক্ত লঘূ বাণিজ্যিক বাহন যুৱ প্ৰজন্মৰ মাজত বিতৰণ কৰা হ’ব ৷

উপ-ৰাজ্যপাল সিনহাই 22-35 বছৰ বয়সৰ যুৱ প্ৰজন্মৰ মাজত এই বাহন বিতৰণ কৰাৰ কথা প্ৰকাশ কৰে ৷ বিশেষকৈ শান্তি, প্ৰগতি, সমৃদ্ধি আৰু জন সাধাৰণ এই চাৰিটা নীতি আগত ৰাখি ৰাজ্যখন আত্ম নিৰ্ভৰ কৰিবলৈ প্ৰয়াস কৰা হৈছে ৷ দ্ৰুতভাৱে এই আঁচনি কাৰ্যকৰী কৰাৰ দিশে ৰাজ্যখনৰ প্ৰশাসন আগবঢ়াৰ কথা সিনহাই আনন্দেৰে প্ৰকাশ কৰে ৷

অশোক লিলেণ্ডৰ অধ্যক্ষ ধীৰজ হিন্দুজাই প্ৰকাশ কৰা অনুসৰি, "আমি ৰাইজৰ কল্যাণ বৃদ্ধিৰ লগতে যুৱ প্ৰজন্মক আত্ম নিৰ্ভৰ ৰূপে প্ৰতিষ্ঠা কৰিবৰ বাবে এই আঁচনি গ্ৰহণ কৰিছো ৷"

লগতে চাওকঃক’ভিড-19 ৰ ফলত অংগদান প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পৰিছে :হৰ্ষ বৰ্ধন

ABOUT THE AUTHOR

...view details