অসম

assam

ETV Bharat / bharat

মুম্বাইত সাগৰত ডুবি দুই কিশোৰৰ মৃত্যু - মুম্বাইৰ মালৱানী অঞ্চল

মুম্বাইত মালৱানী অঞ্চলৰ ৬ জন কিশোৰে মাৰ্ৱে সাগৰ তীৰত দেওবাৰে খোজ কাঢ়িবলৈ গৈছিল। তেনে সময়তে সাগৰৰ ঢৌৱে উটুৱাই লৈ যায় কিশোৰকেইজনক । এই ঘটনাত দুজন কিশোৰৰ মৃত্যু হয়।

মুম্বাই
Mumbai: Two boys drown in sea off Marve beach

By

Published : Jun 22, 2020, 10:00 PM IST

নিউজ ডেস্ক, ২২ জুনঃমুম্বাইৰ মাৰ্ৱে সাগৰ তীৰত খোজ কাঢ়ি থকা অৱস্থাত সাগৰত ডুব গৈ নিখোজ হয় দুজন কিশোৰ । অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই প্ৰকাশ কৰে এই তথ্য ।

মালৱানী অঞ্চলৰ আজমী নগৰৰ ৬ জন কিশোৰে মাৰ্ৱে সাগৰ তীৰত দেওবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত খোজ কাঢ়িবলৈ গৈছিল । তেনে সময়তে সাগৰৰ ঢৌৱে উটুৱাই লৈ যায় কিশোৰকেইজনক ।

মুম্বাইত সাগৰত ডুবি দুই কিশোৰৰ মৃত্যু

ইয়াৰে দুজন কিশোৰক সাগৰৰ ঢৌৱে গভীৰ পানীত উটুৱাই লৈ যায়। ইয়াৰ পাছতে লগত থকা আন চাৰিজন কিশোৰে স্থানীয় লোকক এই ঘটনাৰ অৱগত কৰে। তাৰ পাছতে স্থানীয় লোকে আৰক্ষীক খৱৰ দিয়ে ।

খৱৰ দিয়াৰ কিছুসময়ৰ পাছতে আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ কিশোৰ দুজনক উদ্ধাৰৰ বাবে অভিযান চলায় । দেওবাৰে নিশাই ১৩ বছৰীয়া এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও নিশা আন্ধাৰৰ বাবে আধাতে অভিযান সামৰিবলগীয়া হৈছিল উদ্ধাৰকাৰী দলে।

ইয়াৰ পাছত, সোমবাৰে পুৱা পুনৰ উদ্ধাৰকাৰী দলে অভিযান চলায় ১৬ বছৰীয়া আন এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰে।

ABOUT THE AUTHOR

...view details