নিউজ ডেস্ক, 2 আগষ্ট :'মি টু' আন্দোলনৰ জৰিয়তে চৰ্চালৈ অহা অভিনেত্ৰী তনুশ্ৰী দত্তই অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু প্ৰসংগত অৱশেষত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ অভিনেত্ৰী গৰাকীয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুত মুম্বাই আৰক্ষীৰ ওপৰত একো বিশ্বাস নাই বুলি উল্লেখ কৰি সুশান্ত সিং ৰাজপুতৰ গোচৰ CBI ক অৰ্পন কৰিব লাগে বুলি উল্লেখ কৰে ৷
অভিনেত্ৰী তনুশ্ৰী দত্তই ইনষ্টাগ্ৰামত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, মুম্বাই আৰক্ষীৰ ওপৰত আমাৰ একো বিশ্বাস নাই ৷ আৰক্ষীয়ে এনেকুৱা গোচৰৰ তদন্ত কিছুদিনৰ পিচতে বন্ধ কৰি দিয়া বুলি উল্লেখ কৰে ৷ লগতে, অপৰাধীসকল ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত মূল তদন্তৰ পৰা আঁতৰি অহা বুলি উল্লেখ কৰে ৷ তেওঁ আকৌ উল্লেখ কৰি কয় যে, সংবাদ মাধ্যমত বিষয়টো চৰ্চিত হোৱাৰ বাবে মুম্বাই আৰক্ষীয়ে তদন্ত কৰাৰ নাটক কৰিছে ৷