নিউজ ডেস্ক, 13 এপ্ৰিলঃমুম্বাই আৰক্ষীয়ে দেওবাৰে ধাৰাভী অঞ্চলটো বন্ধ কৰি দিয়ে ৷ মুম্বাইত কৰ’ণা ভাইৰাছৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে অঞ্চলটো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰক্ষীয়ে ৷ অঞ্চলটোত থকা আৰক্ষীয়ে জনসাধাৰণৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছে ৷
ধাৰাভীক সম্পূৰ্ণৰূপে বন্ধ কৰিলে মুম্বাই আৰক্ষীয়ে - কোভিড-19 মহামাৰী
দেশত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছিল লকডাউনৰ সিদ্ধান্ত ৷ ইতিমধ্যে মহাৰাষ্ট্ৰত গুৰুতৰভাৱে বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ যাৰ ফলত মুম্বাইৰ বহু স্থান বন্ধ কৰি দিবলগীয়া হৈছে ৷
![ধাৰাভীক সম্পূৰ্ণৰূপে বন্ধ কৰিলে মুম্বাই আৰক্ষীয়ে ধাৰাভীক সম্পূৰ্ণৰূপে বন্ধ কৰিলে মুম্বাই আৰক্ষীয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6761103-156-6761103-1586690387663.jpg)
ধাৰাভীক সম্পূৰ্ণৰূপে বন্ধ কৰিলে মুম্বাই আৰক্ষীয়ে
বৰ্তমান সময়লৈকে ধাৰভীত 28 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু 4গৰাকী লোকৰ মৃত্যু ঘটিছে ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মহাৰাষ্ট্ৰত 30 এপ্ৰিললৈকে লকডাউন ঘোষণা কৰা হৈছে ৷
মহাৰাষ্ট্ৰত এতিয়ালৈকে দেশৰ ভিতৰতে সৰ্বাধিক 1761 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷