অসম

assam

By

Published : Jun 25, 2020, 4:51 PM IST

ETV Bharat / bharat

মুম্বাইৰ ৰঘুবংশী মিলত ভয়ংকৰ অগ্নিকাণ্ড

বৃহস্পতিবাৰৰ দিনটোত মুম্বাইত সংঘটিত হয় তিনিটাকৈ অগ্নিকাণ্ডৰ ঘটনা। প্ৰথমে অন্ধেৰিৰ মৰোঁল অঞ্চলত এটা ঔদ্যোগিক অঞ্চলত, তাৰ পাছত, নাৰিমান পইণ্ট এলেকাত এটা বেংকত আৰু তৃতীয়টো অগ্নিকাণ্ড সংঘটিত হয় মুম্বাইৰ লোৱাৰ পাৰেল অঞ্চলৰ ৰঘুবংশী মিলৰ অট্টালিকাত।

মুম্বাইত অগ্নিকাণ্ড
Mumbai: Massive fire breaks out at Raghuvanshi Mills

নিউজ ডেস্ক, 25 জুন : মুম্বাইৰ ল'ৱাৰ পাৰেল অঞ্চলত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ ৰঘুবংশী মিলৰ অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত ৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত চহৰখনত সংঘটিত হয় তিনিটাকৈ অগ্নিকাণ্ডৰ ঘটনা। ইয়াৰ পূৰ্বে দক্ষিণ মুম্বাইৰ নাৰিমান পইণ্ট এলেকাত 'বেংক অৱ বহৰীণ আৰু কুৱেইট'ৰ কাৰ্যালয়ত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা। এই বেংকটো জলি মেকাৰ চেম্বাৰ২ অট্টালিকাত অৱস্থিত আছিল।

মুম্বাইৰ ৰঘুবংশী মিলত ভয়ংকৰ অগ্নিকাণ্ড

সমান্তৰালভাৱে, বৃহস্পতিবাৰে পুৱাই অন্ধেৰিৰ মৰোঁল অঞ্চলত সংঘটিত হৈছিল প্ৰথমটো অগ্নিকাণ্ডৰ ঘটনা। নন্দ-ধাম উদ্যোগিক অঞ্চলত লেবেল-২ অগ্নিস্তৰৰ অগ্নিকাণ্ড সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী

ABOUT THE AUTHOR

...view details