নেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ: অগ্নিকাণ্ডৰ পিছতে মুম্বাইৰ মলত বিস্ফোৰণ ৷ শনিবাৰে পুৱাই বিস্ফোৰণ সংঘটিত হয় দক্ষিণ মুম্বাইৰ মুম্বাই চেন্ট্ৰেলস্থিত চিটী চেণ্টাৰ মলত ৷ যোৱা বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৮.৫০ বজাত মলটোৰ দ্বিতীয় মহলাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা অব্যাহত থকাৰ পিছতো ৩৬ ঘণ্টা ধৰি জ্বলিয়েই আছে জুই ৷ ইয়াৰ মাজতে শনিবাৰে পুৱা মলটোত বিস্ফোৰণ সংঘটিত হয় ৷ বিস্ফোৰণত কোনো লোক হতাহত হোৱাৰ কথা বৰ্তমানলৈকে প্ৰকাশ কৰা নাই অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই ৷
এতিয়াও ১৮ টা ফায়াৰ ইঞ্জিন আৰু ১০ টা জাম্ব' টেংকাৰেৰে জুই নুমুৱাৰ চেষ্টা চলাই থকা হৈছে ৷ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই জনোৱা মতে, এই অভিযানত অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াসহ ৫ জন জোৱান আহত হৈছে ৷ আটাইকেইজনৰে অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ এই ভয়াৱহ অগ্নিকাণ্ডক প্ৰথম পৰ্যায়ৰ অগ্নিকাণ্ড হিচাপে চিহ্নিত কৰা হৈছিল যদিও বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৪৫ বজালৈকে জুইৰ লেলিহান শিখাই মলটোৰ আন অংশসমূহো আগুৰি ধৰাত ই তৃতীয় পৰ্যায় পায়গৈ ৷