অসম

assam

ETV Bharat / bharat

মুম্বাই চহৰখন ভাৰতবৰ্ষৰহে ! - কংগনা ৰাণাৱট

ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী কংগনা ৰাণাৱটক ভীতি প্ৰদৰ্শন কৰিবলৈ আৰু তেওঁৰ সম্পত্তি ধ্বংস কৰিবলৈ শিৱসেনাই কৰা এক বৰ্বৰতাপূৰ্ণ প্ৰয়াসক যিসকলে দেশত গণতন্ত্ৰ আৰু আইনৰ শাসনক মানি চলে, তেওঁলোক সকলোৱে একেমুখে নিন্দা কৰিব লাগে ৷ শিৱসেনাক এইটো সোঁৱৰাই দিয়াৰ এয়াই উচিত সময় যে, মুম্বাইখন তেওঁলোকৰ সম্পত্তি নহয় ৷ কোনো ভাৰতীয়ই তেওঁলোকক চহৰখনলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ভিছা দিয়াৰ ক্ষমতা প্ৰদান নকৰিব ৷ মুম্বাইখন ভাৰতবৰ্ষৰ ৷

Mumbai Belongs To India etv bharat news
কংগনা ৰাণাৱট

By

Published : Sep 22, 2020, 8:37 PM IST

নিউজ ডেস্ক,22 ছেপ্তেম্বৰ:

এ. সূৰ্যপ্ৰকাশ

9 ছেপ্তেম্বৰত কথিত নিয়ম উলংঘনৰ অভিযুগত মাত্ৰ এদিনীয়া জাননী জাৰি কৰি পালি হিল এলেকাত থকা অভিনেত্ৰীগৰাকীৰ সম্পত্তি ধ্বংস কৰাৰ পূৰ্বেও অভিনেত্ৰীগৰাকীক দলটোৰ নেতা আৰু দলীয় গুণ্ডাবাহিনীয়ে ভাবুকি প্ৰদান কৰি আহিছিল ৷ লগতে তেওঁক হিমাচল প্ৰদেশৰ পৰা মুম্বাইস্থিত ঘৰলৈ অহাৰ বিষয়তো ভাবুকি প্ৰদান কৰিছিল ৷ এইধৰণৰ ভাবুকি দিয়া সকলৰ ভিতৰত আছিল ৰাজ্যখনৰ গৃহমন্ত্ৰী গৰাকী ৷ তদুপৰি, দলীয় নেতাসকলে তেওঁৰ বিৰুদ্ধে অতি নিকৃষ্ট ভাষা প্ৰয়োগ কৰিছিল ৷ যদি ভাৰতবৰ্ষই এনে ধৰণৰ ব্যৱহাৰ মানি লয় তেনেহ’লে দেশখনে গণতন্ত্ৰক বিদায় জনাই নিজকে গুণ্ডাৰাজ শাসনৰ বাবে প্ৰস্তুত কৰিব লাগিব ৷

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীজয়ৰাম ঠাকুৰে এই সংঘাতত কংগণাৰ সমৰ্থনত উচিতভাৱে থিয় দিছে আৰু কৈছে যে মহাৰাষ্ট্ৰ চৰকাৰৰ মনোভাৱ নিন্দনীয় আৰু এয়া প্ৰতিশোধমূলক ৰাজনীতিৰ পৰিচায়কহিমাচলৰ জীয়ৰীৰ প্ৰতি দেখুওৱা এই ধৰণৰ অ-সন্মান অসহনীয় বুলি তেওঁ কয় ৷ শিৱসেনাই ৰাজ্য তথা দলৰ গুণ্ডাবাহিনীক অভিনেত্ৰীগৰাকীক ধমক দিবলৈ নিযুক্ত কৰাৰ ফলত হিমাচল প্ৰদেশ চৰকাৰে কেন্দ্ৰক, অভিনেত্ৰীগৰাকী বিগত ৯ ছেপ্তেম্বৰত মুম্বাইলৈ উভতি যোৱাৰ সময়ত ৱাই প্লাছ পৰ্যায়ৰ সুৰক্ষা দিবলৈ আহ্বান জনাবলগীয়া হৈছিল ৷ এই উদাহৰণে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত কি আছে তাৰ বিষয়ে সচেতন কৰি দিয়া উচিত ৷ কিয়নো বাহিৰৰ ৰাজ্যৰ পৰা অহা নাগৰিকসকলৰ প্ৰতি শিৱসেনাই কৰা এইধৰণৰ ব্যৱহাৰ কোনেও সহ্য নকৰিব ৷ বোম্বে উচ্চ ন্যায়ালয়ে যথাযথভাৱেই বিএমচি-ৰ দুষ্কাৰ্যক সমালোচনা কৰিছে আৰু ধ্বংসলীলাক গ্ৰহণযোগ্য নহয় বুলি বৰ্ণনা দিছে ৷ ন্যায়ালয়খনে পৌৰ নিগমৰ এই কাৰ্যক দুৰ্ভাৱনাপূৰ্ণ বুলি অভিহিত কৰিছে ৷

ন্যায়ালয়ে উল্লেখ কৰিছে যে পৌৰ নিগমে যাক অনাধিকৃত নিৰ্মাণ বুলি অভিহিত কৰিছে সেয়া এৰাতিৰ ভিতৰতে হৈ উঠা নাছিল ৷ যি নহওঁক, পৌৰ নিগমে হঠাতে টোপনিৰ পৰা সাৰ পালে ৷ কংগণা চহৰখনৰ পৰা বাহিৰত থকা অৱস্থাত জাননী জাৰি কৰিলে আৰু মাত্ৰ ২৪ ঘন্টাৰ সময়সীমা বান্ধি দিয়াৰ পিছত ধ্বংস কাৰ্য সম্পন্ন কৰিলে ৷ এই সকলো কাৰ্যই ইয়াৰেই ইংগিত বহন কৰে যে পৌৰ নিগমৰ কাৰ্য আছিল দুৰ্ভাৱনাপূৰ্ণ ৷ আদালতে এই কথাও উল্লেখ কৰে যে, পৌৰ নিগমৰ অধিবক্তাগৰাকী সময়মতে উপস্থিত হোৱা নাছিল আৰু নিগমৰ আয়ুক্তগৰাকীৰ লগত যেতিয়া আদালতৰ তৰফৰ পৰা সংযোগ স্থাপন কৰিবলৈ বিচৰা হৈছিল, তেতিয়া তেওঁৰ ম’বাইল বাৰম্বাৰ ছুইটছ অফ হৈ আছিল ৷ ইয়াৰ মাজতে ধ্বংস কাৰ্য অব্যাহত আছিল ৷ তদুপৰি আদালতে আশ্চৰ্য প্ৰকাশ কৰি কয় যে পৌৰ নিগমে আন অসংখ্য অনাধিকৃত নিৰ্মাণৰ ক্ষেত্ৰত একে তৎপৰতাৰে কাৰ্য সম্পাদন কৰিব নে !

9 ছেপ্তেম্বৰৰ নিৰ্দেশনাত আদালতে শুনানি স্থগিত কৰিবলৈ কৰা প্ৰয়াসসমূহ আৰু ধ্বংস কাৰ্য সম্পূৰ্ণ নকৰা পৰ্যন্ত আবেদনখনৰ বিষয়ত সজ্ঞান লোৱাৰ পৰা বিৰত থাকিবলৈ পৌৰ নিগম কৰ্তৃপক্ষই কৰা অহৰহ প্ৰয়াস সমূহৰ বিস্তৃতভাৱে বিৱৰণ দিয়ে ৷ এয়া কাৰ্যপালিকাৰ দাম্ভিকতাপূৰ্ণ কাৰ্য আৰু বিচাৰ ব্যৱস্থাৰ প্ৰতি দেখুওৱা অসন্মান ৷ শিৱসেনাক সকিয়াই দিব লাগিব যে,তেওঁলোক মুম্বাইৰ অধিপতি নহয়৷ তেওঁলোকে এই ভ্ৰমটো বহুদিন ধৰি পুহি ৰাখিছে ৷ প্ৰকৃততে যেতিয়া এখন পৃথক মাৰাঠী ভাষী ৰাজ্য নিৰ্মাণৰ আন্দোলন চলি আছিল, সেই সময়ত মাৰাঠী ভাষীসকলৰ সমানেই গুজৰাটীসকল আৰু আন আন সম্প্ৰদায়ৰ লোকসকলৰ বোম্বেত (তেতিয়া মুম্বাই বোম্বে নামেৰে পৰিচিত আছিল) অংশীদাৰিত্ব আছিল ৷ এই লোকসকলেই বোম্বেক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এক শক্তিশালী প্ৰস্তাৱ দাঙি ধৰিছিল ৷ তেতিয়াৰ পৰাই মুম্বাইৰ জন বিন্যাসত এক কস্মপলিটান লক্ষণ দেখিবলৈ পোৱা যায় ৷ শিৱসেনাই মুম্বাইৰ ৰাজনীতিত অতি জাতীয়তাবাদী বিষবাষ্প মিহলোৱাৰ অহৰহভাৱে চেষ্টা কৰি আছে যদিও চহৰখনে নিজৰ আন্তঃৰাষ্ট্ৰীয় পৰিচয়টো কেতিয়াও হেৰুওৱা নাই ৷

দৰাচলতে মাৰাঠী ভাষী ৰাজ্য নিৰ্মাণৰ বিষয়টো উত্থাপনৰ সময়ত ইয়াৰ কৌশলগত অৱস্থান আৰু কস্মপলিটান ৰূপী দৃষ্টিকোণৰ প্ৰতি লক্ষ্য ৰাখিলে বোম্বেক এখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে প্ৰতিষ্ঠা কৰাৰ পক্ষত এক শক্তিশালী যুক্তি আছিল ৷ এখন মাৰাঠী ভাষী ৰাজ্যৰ নিৰ্মাণ বাস্তৱায়িত হোৱা উচিত আৰু বোম্বেৰ শাসন কেন্দ্ৰৰ পৰা পৰিচালিত কৰিব লাগে বুলি গুজৰাট গৱেষণা সমাজৰ সভাপতিয়ে প্ৰদেশসমূহৰ ভাষিক আয়োগলৈ ১৯৪৮ চনত লিংগুইষ্টিক লিমিটচ অৱ মহা গুজৰাট নামৰ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল ৷ এই আয়োগখন ভাৰতীয় সাংবিধানিক সভাৰ দ্বাৰা ভাষা ভিত্তিত ৰাজ্য গঠনৰ দাবীক নিৰীক্ষণ কৰিবলৈ নিযুক্তি দিয়া হৈছিল ৷ স্মাৰক পত্ৰখনত কোৱা হৈছিল যে, বোম্বে চহৰখন, ইয়াৰ বন্দৰ আৰু উপ-চহৰাঞ্চলসমূহক লৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনত এখন পৃথক আত্মনিৰ্ভৰ প্ৰদেশ হিচাপে গঠন কৰা উচিত ৷ এক আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণ আৰু নিৰ্দিষ্ট কোনো বিশেষ অঞ্চলক প্ৰতিনিধিত্ব নকৰা এক সাংস্কৃতিক পৰিচয়, য’ত ভাৰতৰ সকলো অঞ্চলৰ লোকেই; আনকি বিদেশীসকলেও ভাগ ল’ব পাৰে, তেনে এক সুকীয়া পৰিচয়ৰে বোম্বে এখন ভাৰতীয় চহৰ হিচাপে প্ৰতিষ্ঠিত হৈ আহিছে ৷ সেয়ে তেনে ক্ষেত্ৰত বোম্বেৰ দৰে এক আন্তঃৰাষ্ট্ৰীয় বন্দৰক ভাষাৰ দৰে এক সংকীৰ্ণ গণ্ডিত গঠন হোৱা মহাৰাষ্ট্ৰ ৰাজ্যক সপি দিয়াটো অনুচিত হ’ব ৷ এই প্ৰৱণতা জন-মানসত এতিয়াও ভালদৰেই বিৰাজ কৰি আছে ৷ মুম্বাই অকল শিৱসেনাৰ সংকীৰ্ণ বৰ্বৰ ৰাজনৈতিক নেতাসকলৰ সম্পত্তি নহয় ৷ শিৱসেনাই কংগণা ৰাণাৱটক মুম্বাই, মহাৰাষ্ট্ৰ তথা মাৰাঠী মানুহখিনিৰ বাবে মনত দুৰ্ভাৱনা পুহি ৰখা এগৰাকী ব্যক্তি হিচাপে চিত্ৰিত কৰিব বিচাৰিছে ৷ কিন্তু এইটো একেবাৰেই ভিত্তিহীন কথা

অভিনেত্ৰীগৰাকীয়ে এইসকলৰ কাকোৱেই আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাছিল ৷ তেওঁৰ আক্ৰমণৰ লক্ষ্য আছিল শিৱসেনা আৰু তেওঁলোকৰ সেই গুণ্ডাৰাজ মনোবৃত্তি, যাৰ জৰিয়তে তেওঁলোকে ভাৰতৰ আটাইতকৈ উদাৰ আৰু সমৃদ্ধিশালী মুম্বাই চহৰখনক হিংসা-বিদ্বেষৰ দুৰ্গ হিচাপে তৈয়াৰ কৰিবলৈ চেষ্টা চলাই আছে ৷ ভাৰতৰ জনগণে কেতিয়াও মুম্বাইৰ চাবি-কাঠী শিৱসেনাৰ হাতত তুলি দিয়া নাছিল আৰু নিদিয়ে ৷ অকল শিৱসেনাই ছত্ৰপতি শিৱাজীৰ একমাত্ৰ উত্তৰাধিকাৰী নহয় ৷ সমগ্ৰ বিশ্বজুৰি ভাৰতীয়সকলে শিৱাজীক ভাৰতত ওপজা মহান ৰজাসকলৰ ভিতৰতে অন্যতম বুলি গণ্য কৰে আৰু ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতীক হিচাপেও মানে ৷ তেওঁৰ অনন্য সাহস আৰু ভাৰতীয় সভ্যতাৰ প্ৰমূল্যক ৰক্ষা কৰাৰ ক্ষেত্ৰত থকা তেওঁৰ মহা মূল্যৱান অৱদানৰ বাবে ভাৰতীয়সকলে অন্তৰৰ পৰা গ্ৰহণ কৰিছে ৷ সেইকাৰণে শিৱসেনাই তেওঁক কেৱল মাৰাঠী গৌৰৱৰ প্ৰতীকলৈ অৱনমিত কৰিব বিচৰা প্ৰয়াসক প্ৰতিহত কৰা উচিত ৷ শিৱসেনাৰ নেতা সকলে মুম্বাই চহৰখনে অভিনেতা-অভিনেত্ৰী তথা পৰিচালকসকলকে ধৰি চিনেমা আৰু টেলিভিছন জগতৰ অনান্য পেছাদাৰীসকলক কি কি দিছে তাৰ বিষয়ে খতিয়ান দাঙি ধৰিছিল ৷ বোধহয় তেওঁলোকে এইটো পাহৰি গ’ল যে এই ব্যক্তিসকলে মুম্বাইখনক কি দিছে ৷

বোম্বে ওৰফে মুম্বাইৰ আজিৰ পৰিচয়টো যি সেইটো একমাত্ৰ এই কাৰণতেই হ’বলৈ পাইছে কিয়নো এই চহৰখনৰ ব্যৱসায়-বাণিজ্য, উৎপাদন, মনোৰঞ্জন আৰু আতিথ্য খণ্ডলৈ উত্তম প্ৰতিভাবোৰ আকৰ্ষিত হৈ আহে ৷ তেওঁলোকে এই চহৰখনকে নিজৰ বাসস্থান হিচাপে গ্ৰহণ কৰি লয়, কোটি কোটি ধন বিনিয়োগ কৰে আৰু লক্ষ লক্ষ গৰাকীৰ বাবে সংস্থাপন সৃষ্টি কৰে ৷ গুজৰাট, পঞ্জাৱ, উত্তৰ প্ৰদেশ, বিহাৰ, কৰ্ণাটক, তামিলনাডু, জন্মু-কাশ্মীৰ সেই ৰাজ্যসমূহৰ ভিতৰত মাত্ৰ কেইখনমান ৰাজ্য য’ৰ পৰা অহা লোকসকলে চহৰখনলৈ নিজৰ সপোনক বাস্তৱায়িত কৰিবলৈ আহে আৰু আজিৰ মুম্বাইখন গঢ়াত সহায় কৰিছে ৷ উদাহৰণস্বৰূপে, যদি গুজৰাটীসকলক মুম্বাইৰ পৰা আঁতৰাই লৈ যোৱা হয় তেনেহ’লে ইয়াৰ ব্যৱসায় আৰু উদ্যোগ খণ্ডৰ কি অৱস্থা হ’ব ? আৰু পাঞ্জাৱীসকলক বাদ দি বলীউডৰ কি হ’ব ? শিৱসেনাৰ সৈনিকসকল ড্ৰৱিং ব’ৰ্ডলৈ ঘূৰি যাব লাগিব ৷

যদি তেওঁলোকে ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থতে লাগি থাকে তেনেহ’লে তেওঁলোকে সমগ্ৰ দেশখনকে নিজৰ শত্ৰু হিচাপে গঢ়ি তুলিব ৷ ই সঁচাকৈয়ে দুখজনক যে যি শিৱসেনাই লৌহপুৰুষ বালা চাহেব ঠাকৰেৰ সময়ছোৱাত ৰাষ্ট্ৰীয়তাবাদৰ পক্ষত সজোৰে থিয় দিছিল, বৰ্তমান সেই শিৱসেনাই নিজকে ইয়াৰ কেৰিকেছাৰ লৈ পৰিণত কৰিলে আৰু নিজকে ছোনিয়া সেনাৰ ৰূপতহে অৱনমিত কৰিলে ৷ যদি ইয়াকে প্ৰশমিত কৰাত ব্যৰ্থ হয় তেনেহ’লে বহু ৰাজ্য আৰু ইয়াৰ মুখ্যমন্ত্ৰীসকলে এই বিষয়ে সচেতন হ’ব ৷ ভাৰত মাতাই নিজৰ শিৰৰ মুকুটৰ এটুকুৰা মহা মূল্যবান মুকুতাক অ-পাত্ৰৰ হাতত তুলি দিয়া বিষয়টোত কেতিয়াও অনুমতি প্ৰদান নকৰিব ৷

লগতে চাওকঃস্ক্ৰাৱ টাইফাছ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

ABOUT THE AUTHOR

...view details