অসম

assam

ETV Bharat / bharat

যশোধন ভৱনত ২৪ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ - Ministry department

মুম্বাইৰ প্ৰশাসনিক বিষয়া সকলৰ কলনী যশোধন ভৱনত ২৪ গৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে । ৯০ গৰাকী লোকৰ পৰীক্ষাৰ অন্তত ২৪ গৰাকী লোকৰ দেহত কৰ'ণা পজিটিভ পোৱা গৈছে ।

Mumbai : 28 corona-positive cohorts have been found in the Yashodhan building where IAS and IPS officers live
Mumbai : 28 corona-positive cohorts have been found in the Yashodhan building where IAS and IPS officers live

By

Published : Jun 8, 2020, 4:30 PM IST

নিউজ ডেস্ক, ৮ জুন :সমগ্ৰ বিশ্বত মহামাৰী কৰ'ণা ভাইৰাছে সন্ত্ৰাস চলাই আহিছে । ইতিমধ্যে এই ভাইৰাছ বিধত আক্ৰান্ত হৈছে বিশ্বৰ প্ৰতিখন দেশ । ভাৰতবৰ্ষতো এই ভাইৰাছবিধে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে । ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ ।

যশোধন ভৱনত ২৪ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ

সোমবাৰে মুম্বাইৰ প্ৰশাসনিক বিষয়া সকলৰ কলনী যশোধন ভৱনত ২৪ গৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে । যিটো কলনী ৰাজ্যখনৰ ৰাজধানীৰ নিচেই ওচৰত অৱস্থিত ।

য়োছোধন ভৱনত ২৪ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ

জানিব পৰা মতে,তিনিদিন পূৰ্বেই বিল্ডিংটোত বসবাস কৰা চিকিৎসা বিজ্ঞানৰ সচিব সঞ্জয় মুখাৰ্জিৰ ড্ৰাইভাৰ গৰাকীৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছিল । তাৰ পিছতে উক্ত স্থানত বসবাস কৰা সকলো বিষয়া আৰু ড্ৰাইভাৰ সকলৰ কোভিড-১৯ পৰীক্ষা কৰা হৈছিল । ৯০ গৰাকী লোকৰ পৰীক্ষাৰ অন্তত ২৪ গৰাকী লোকৰ দেহত কৰ'ণা পজিটিভ পোৱা গৈছে । যাৰ ভিতৰত বহু কইগৰাকী প্ৰশাসনিক বিষয়া কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে । আনহাতে,উক্ত বিল্ডিংটোৰে কোভিড-১৯ৰ দায়িত্বত থকা এগৰাকী মহিলা আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।

য়োছোধন ভৱনত ২৪ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ

পৰৱৰ্তী সময়ত প্ৰশাসনে উক্ত বিল্ডিংটো ছীল কৰি আক্ৰান্ত লোক কেইজনক চিকিৎসাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : কোভিড-১৯ৰ দেশজুৰি শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details