নিউজ ডেস্ক, 15 মে‘ : লক ডাউন চলি থকাৰ মাজতে মহাৰাষ্ট্ৰৰ মোম্ব্ৰা চহৰত আৰক্ষী আৰু সংবাদকৰ্মীৰ ওপৰত শিলাবৰ্ষণ কৰে একাংশ লোকে ৷ মোম্ব্ৰাৰ ফেমাচ কলনিত বৃহস্পতিবাৰে নিশা দুটা পৰিয়ালৰ দুটা ফৈদৰ 40 জন মান লোকে একত্ৰিত হৈ প্ৰচণ্ড কাজিয়াত লিপ্ত হোৱাৰ লগতে পৰস্পৰে পৰস্পৰৰ ওপৰত শিল দলিওৱান আৰম্ভ কৰে ৷ এই ঘটনাৰ ভিডিঅ‘ সংগ্ৰহ কৰি থকা সংবাদকৰ্মীৰ ফালে চোঁচা লোৱাৰ লগতে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ ওপৰতো দুয়োটা ফৈদৰ ফালৰ পৰা শিলাবৰ্ষণ আৰম্ভ কৰে ৷
মোম্ব্ৰাত আৰক্ষী আৰু সংবাদকৰ্মীৰ ওপৰত শিলাবৰ্ষণ - লক ডাউন চলি থকা
ঘটনাৰ ভিডিঅ‘ সংগ্ৰহ কৰি থকা সংবাদকৰ্মীৰ ফালে চোঁচা লোৱাৰ লগতে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ ওপৰতো দুয়োটা ফৈদৰ ফালৰ পৰা শিলাবৰ্ষণ আৰম্ভ কৰে ৷
মোম্ব্ৰাত আৰক্ষী আৰু সংবাদকৰ্মীৰ ওপৰত শিলাবৰ্ষণ
এই আক্ৰমণত এজন আৰক্ষীৰ লোকো সামান্য পৰিমাণে আহত হয় ৷ ইতিমধ্যে মোম্ব্ৰা আৰক্ষী থানাত দুয়োটা ফৈদৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷ বৰ্তমান সময়লৈকে এই ঘটনাৰ লগত জড়িত কোনো লোকক আটক কৰা হোৱা নাই বুলিও আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক : গ্ল'ৱেল কোভিড 19 ট্ৰেকাৰ