নিউজ ডেস্ক, 21 আগষ্টঃ বৃহস্পতিবাৰে প্ৰৱল বৃষ্টিপাতৰ ফলত জম্মু-কাশ্মীৰত সংঘটিত হয় ভূমিস্খলন ৷ জম্মু-কাশ্মীৰৰ ৰামবন জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভূমিস্খলন ৷ ইয়াৰ ফলত প্ৰায় 300 ৰো অধিক বাহন আবদ্ধ হয় বুলি সদৰি কৰে ৰামবন জিলা প্ৰশাসনে ৷ লগতে এই ভূমিস্খলত কোনো লোক হতাহত হোৱা নাই বুলিও সদৰি কৰে প্ৰশাসনে ৷
দেশৰ অন্য প্ৰান্তৰ লগত জম্মু-কাশ্মীৰক সংযোগ কৰা প্ৰায় 270 কিল'মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ত্ৰিশুল মোড়, ব্যাটাৰি চশমা আৰু পানতিয়ালৰ বিভিন্ন অঞ্চল ভূমিস্খলনৰ বাবেই আবদ্ধ হৈ পৰে ৷