নতুন দিল্লী, ১ এপ্ৰিলঃ দিল্লীৰ তৱলিঘী নিজামুদ্দীন ঘটনা সন্দৰ্ভত মন্তব্য কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী মুখতাৰ অব্বাছ নকভীৰ । ঘটনা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, এই তৱলিঘী জমাত তালিবানী অপৰাধ তুলনাত কোনো গুণে কম নহয় । এই অপৰাধত জড়িত সকলক ক্ষমা কৰা নহ'ব ।
তৱলিঘী জমাত তালিবানী অপৰাধ তুলনাক কোনো গুণে কম নহয়ঃ মুখতাৰ অব্বাছ নকভী
'তৱলিঘী জমাত তালিবানী অপৰাধৰ তুলনাত কোনো গুণে কম নহয় ।' বুধবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী মুখতাৰ অব্বাছ নকভীয়ে ।
তৱলিঘী জমাত তালিবানী অপৰাধ তুলনাক কোনো গুণে কম নহয়ঃ মুখতাৰ অব্বাছ নকভী
উল্লেখ্য যে, বিশ্বজুৰি কৰ'ণা ভাইৰাছে আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে বিগত মাহত প্ৰথম ভাগত দিল্লীৰ নিজামুদ্দীন ক্ষেত্ৰত তৱলিঘী জমাত অনুষ্ঠিত হৈছিল । জমাতত ভাৰতৰ পৰা ১৫০০ জন লোকে অংশ গ্ৰহণ কৰাৰ উপৰিও বহু সংখ্য়ক বিদেশৰ পৰা অহা লোকে অংশগ্ৰহণ কৰিছিল । আনহাতে, জমাতত অংশ গ্ৰহণ কৰা ৬ জন ব্যক্তিৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় । তাৰোপৰি জমাতত অংশ লোৱা ১০০ জন ব্যক্তিৰ দেহত কৰ'ণাত ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ।