নিউজ ডেস্ক, 14 আগষ্ট: দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা শুকুৰবাৰেও অপৰিৱৰ্তিত হৈ আছে ৷ তেখেতেক ভেণ্টিলেটৰত ৰখা হৈছে বুলি তেখেতৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকে জানিবলৈ দিছে ৷
প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী দিল্লীৰ সেনাৰ ৰিচাৰ্চ আৰু ৰেফাৰেল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ সোমবাৰে তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ৷ যাৰ পাছতে তেখেতৰ শৰীৰত ধৰা পৰিছিল কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ৷