গান্ধীনগৰ, 21 অক্টোবৰ :মোডীৰ সাহসী পদক্ষেপক প্ৰশংসা ৰিলায়েন্স ইণ্ডিয়া লিমিটেডৰ চেয়াৰমেন মুকেশ আম্বানিৰ ৷ শনিবাৰে পণ্ডিত দীনদয়াল পেট্ৰলিয়াম বিশ্ববিদ্যালয়ৰ ভাৰ্চুৱেল দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰি আম্বানিয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বই বিশ্ব প্ৰেক্ষাপটত ভাৰতত এনে এক স্থানত অৱস্থান কৰাইছে যাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ সকলোৱে এক নতুন ভাৰতবৰ্ষৰ আবিৰ্ভাৱ প্ৰত্যক্ষ কৰিছে ৷ তেওঁ লগতে ইয়াকো কয় যে মোডীৰ নেতৃত্বত আগন্তুক বৰ্ষসমূহত ভাৰতৰ বাবে দ্ৰুত অৰ্থনৈতিক বিকাশৰ বাট মুকলি হ'ব ৷
মোডীৰ সাহসী পদক্ষেপক প্ৰশংসা আম্বানিৰ - পণ্ডিত দীনদয়াল পেট্ৰলিয়াম বিশ্ববিদ্যালয়
মোডীৰ নেতৃত্বক আম্বানিৰ প্ৰশংসা ৷ মোডীৰ নেতৃত্বই ভাৰতক বিশ্ব প্ৰেক্ষাপটত এক নতুন ভাৰতবৰ্ষ হিচাপে প্ৰতিষ্ঠা কৰিছে বুলি মন্তব্য আম্বানিৰ ৷ মোডীৰ নেতৃত্বই ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে নতুন বাট মুকলি কৰিব বুলিও মন্তব্য ৰিলায়েন্স ইণ্ডিয়া লিমিটেডৰ চেয়াৰমেন মুকেশ আম্বানিৰ ৷
![মোডীৰ সাহসী পদক্ষেপক প্ৰশংসা আম্বানিৰ মোডীৰ সাহসী পদক্ষেপক আম্বানিৰ প্ৰশংসা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9615290-573-9615290-1605950401995.jpg)
মোডীৰ সাহসী পদক্ষেপক আম্বানিৰ প্ৰশংসা
নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা দিনৰ কথা উল্লেখ কৰি আম্বানিয়ে কয় যে, আমি সকলোৱে জানো যে পণ্ডিত দীনদয়াল পেট্ৰলিয়াম বিশ্ববিদ্যালয় সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'আত্ম নিৰ্ভৰ' ভিজনৰ এক অংশ ৷ তেওঁ কয় যে বিশ্ববিদ্যলয়খনৰ মাত্ৰ 14 বছৰ হৈছে কিন্তু ইমান কম সময়ৰ ভিতৰতে বিশ্ববিদ্যলয়খনে অটল ৰেঙকিঙ অফ ইনষ্টিটিউচনচ অন ইন'ভেচনত শীৰ্ষ 25 খন শিক্ষানুষ্ঠানৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক:ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন